আমি অসমীয়া নহওঁ দুখীয়া " ----আচলতে কোন এই অসমীয়া?

""আমি অসমীয়া নহওঁ দুখীয়া " ----আচলতে কোন এই অসমীয়া? অসমীয়াৰ সংজ্ঞা কি? এইটো এটা সততে উত্থাপিত হৈ থকা প্ৰশ্ন | কিন্তু মই ভাবো অসমীয়াৰ বাবে কোনো বিশেষ সংজ্ঞাৰ প্ৰয়োজন নাই | **ঢোলৰ গুমগুমনি শুনিলেই মুহূৰ্ততে যাৰ দেহ মন প্ৰাণৰ জঠৰতা ভাঙে, তেঁৱেই অসমীয়া ; সেয়া লাগিলে বিহুৰ পৰিৱেশ হওঁক বা নহওঁক | বিহু, বৰগীতেই হওঁক কিম্বা ঐনিতম, বাগৰুম্বায়েই হওঁক অথবা জিকিৰ, সকলোতে সমানে আত্মাহাৰা হোৱাজনেই অসমীয়া | **জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে শংকৰ আজান দুয়োজনাৰে গুণানুকীৰ্তন কৰা জন অসমীয়া | যিজনে শংকৰদেৱ আৰু আজান পীৰৰ সৃষ্টিৰাজিক গৌৰৱমন্দিতকৈ আৰু তেওঁলোকৰ ওপৰত ৰজা-ঘৰীয়াই কৰা অন্যায়ৰ কাহিনী ব্যথা লগাকৈ দাঙি ধৰিব পাৰে, তেওঁক হিন্দু বা মুছলমান নহয়, অসমীয়া বুলি কোৱা | ** দবা - শংখ ৰ ধ্বনিত দহ বাৰ ভগৱানক স্মৰণ কৰিও নামাজৰ শব্দ শুনি যিজন মৌন হৈ ৰয় তেওঁ অসমীয়া | ** লাচিতৰ মোমাই কটা কাহিনী কৈ গৌৰৱ কৰা জন অসমীয়া | জয়মতী , মূলাগাভৰু, কনকলতাৰ সাহস তথা ত্যাগৰ কাহিনী কৈ গৌৰৱ কৰা জনৰ পৰিচয়ো অসমীয়া | ** হাজাৰ চেষ্টা কৰিও যিসকলৰ মাজত, জাতি ধৰ্মৰ বিভাজন আনিব নোৱাৰি, তেওঁলোক অসমীয়া |জাতি - মাটি - ভেটি তথা ভাষাৰ সংকটৰ সময়ত একেলগে মাৰ বান্ধি থিয় দিয়া সকল অসমীয়া** "New Year Day " ত কৈ মাঘ বিহুৰ বাবে যিসকল অধিক উৎসাহী হৈ থাকে , তেওঁলোক অসমীয়া | ** যদি তোমাক কোনোবাই মৰম বা সন্মানত গামোচা উপহাৰ দিছে, তেন্তে তেওঁ অসমীয়া | ** যি জন সৰু সৰু কথাতে আবেগিক হৈ পৰে, তেওঁ অসমীয়া | তোমাৰ বিপদত যিজন অপৰিচিতই আহি তোমাক সহায় কৰিব ; তোমাৰ দূখত, যিজন অপৰিচিতৰ চকুত চকুলো দেখিবা, তেওঁৰ পৰিচয়ে অসমীয়া | **যদি কোনো শিশুৱে "Johny Johny Yes Papa " , "Twinkle Twinkle little star " সলসলীয়াকৈ গাব পৰাৰ লগতে "নিচিনো তোমাক ক'ত আছা প্ৰভু"ও গাব পাৰে, তেন্তে সেই শিশু নিসন্দেহে অসমীয়া |যি জনৰ প্ৰিয় কিতাপসমূহৰ মাজত বুঢ়ী আইৰ সাধু কিতাপ খনো থাকে , তেওঁ এশ শতাংশই অসমীয়া | "মৌচাক" , "ৰংমেলা" ," ৰংমন " ৰ বিষয়ে নজনা জনক অসমীয়া বুলি ক'বলৈ অসুবিধা হয় | ** যিয়ে জ্যোতিপ্ৰসাদ আগৰৱালা , বিষ্ণু প্ৰসাদ ৰাভা, ভূপেন হাজৰিকা দেৱক শ্ৰদ্ধাৰে স্মৰণ কৰে,আৰু যাৰ হৃদয়ত জুবিন গাৰ্গ থাকে তেওঁ অসমীয়া | - দেৱাশ্ৰী হাজৰিকা"

 "আমি অসমীয়া নহওঁ দুখীয়া "
----আচলতে কোন এই অসমীয়া? অসমীয়াৰ সংজ্ঞা কি? এইটো এটা সততে উত্থাপিত হৈ থকা প্ৰশ্ন |
কিন্তু মই ভাবো অসমীয়াৰ বাবে কোনো বিশেষ সংজ্ঞাৰ প্ৰয়োজন নাই |

**ঢোলৰ গুমগুমনি শুনিলেই মুহূৰ্ততে যাৰ দেহ মন প্ৰাণৰ জঠৰতা ভাঙে, তেঁৱেই অসমীয়া ; সেয়া লাগিলে বিহুৰ পৰিৱেশ হওঁক বা নহওঁক | বিহু, বৰগীতেই হওঁক কিম্বা ঐনিতম, বাগৰুম্বায়েই হওঁক অথবা জিকিৰ, সকলোতে সমানে আত্মাহাৰা হোৱাজনেই অসমীয়া |

**জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে শংকৰ আজান দুয়োজনাৰে গুণানুকীৰ্তন কৰা জন অসমীয়া | যিজনে শংকৰদেৱ আৰু আজান পীৰৰ সৃষ্টিৰাজিক গৌৰৱমন্দিতকৈ আৰু তেওঁলোকৰ ওপৰত ৰজা-ঘৰীয়াই কৰা অন্যায়ৰ কাহিনী ব্যথা লগাকৈ দাঙি ধৰিব পাৰে, তেওঁক হিন্দু বা মুছলমান নহয়, অসমীয়া বুলি কোৱা |

** দবা - শংখ ৰ ধ্বনিত দহ বাৰ ভগৱানক স্মৰণ কৰিও নামাজৰ শব্দ শুনি যিজন মৌন হৈ ৰয় তেওঁ অসমীয়া |

** লাচিতৰ মোমাই কটা কাহিনী কৈ গৌৰৱ কৰা জন অসমীয়া | জয়মতী , মূলাগাভৰু, কনকলতাৰ সাহস তথা ত্যাগৰ কাহিনী কৈ গৌৰৱ কৰা জনৰ পৰিচয়ো অসমীয়া |

** হাজাৰ চেষ্টা কৰিও যিসকলৰ মাজত, জাতি ধৰ্মৰ বিভাজন আনিব নোৱাৰি, তেওঁলোক অসমীয়া |জাতি - মাটি - ভেটি তথা ভাষাৰ সংকটৰ সময়ত একেলগে মাৰ বান্ধি থিয় দিয়া সকল অসমীয়া** "New Year Day " ত কৈ মাঘ বিহুৰ বাবে যিসকল অধিক উৎসাহী হৈ থাকে , তেওঁলোক অসমীয়া |

** যদি তোমাক কোনোবাই মৰম বা সন্মানত গামোচা উপহাৰ দিছে, তেন্তে তেওঁ অসমীয়া |

** যি জন সৰু সৰু কথাতে আবেগিক হৈ পৰে, তেওঁ অসমীয়া | তোমাৰ বিপদত যিজন অপৰিচিতই আহি তোমাক সহায় কৰিব ; তোমাৰ দূখত, যিজন অপৰিচিতৰ চকুত চকুলো দেখিবা, তেওঁৰ পৰিচয়ে অসমীয়া |

**যদি কোনো শিশুৱে "Johny Johny Yes Papa " , "Twinkle Twinkle little star " সলসলীয়াকৈ গাব পৰাৰ লগতে "নিচিনো তোমাক ক'ত আছা প্ৰভু"ও গাব পাৰে, তেন্তে সেই শিশু নিসন্দেহে অসমীয়া |যি জনৰ প্ৰিয় কিতাপসমূহৰ মাজত বুঢ়ী আইৰ সাধু কিতাপ খনো থাকে , তেওঁ এশ শতাংশই অসমীয়া |
"মৌচাক" , "ৰংমেলা" ," ৰংমন " ৰ বিষয়ে নজনা জনক অসমীয়া বুলি ক'বলৈ অসুবিধা হয় |

** যিয়ে জ্যোতিপ্ৰসাদ আগৰৱালা , বিষ্ণু প্ৰসাদ ৰাভা, ভূপেন হাজৰিকা দেৱক শ্ৰদ্ধাৰে স্মৰণ কৰে,আৰু যাৰ হৃদয়ত জুবিন গাৰ্গ থাকে তেওঁ অসমীয়া |


- দেৱাশ্ৰী হাজৰিকা

"আমি অসমীয়া নহওঁ দুখীয়া " ----আচলতে কোন এই অসমীয়া? অসমীয়াৰ সংজ্ঞা কি? এইটো এটা সততে উত্থাপিত হৈ থকা প্ৰশ্ন | কিন্তু মই ভাবো অসমীয়াৰ বাবে কোনো বিশেষ সংজ্ঞাৰ প্ৰয়োজন নাই | **ঢোলৰ গুমগুমনি শুনিলেই মুহূৰ্ততে যাৰ দেহ মন প্ৰাণৰ জঠৰতা ভাঙে, তেঁৱেই অসমীয়া ; সেয়া লাগিলে বিহুৰ পৰিৱেশ হওঁক বা নহওঁক | বিহু, বৰগীতেই হওঁক কিম্বা ঐনিতম, বাগৰুম্বায়েই হওঁক অথবা জিকিৰ, সকলোতে সমানে আত্মাহাৰা হোৱাজনেই অসমীয়া | **জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে শংকৰ আজান দুয়োজনাৰে গুণানুকীৰ্তন কৰা জন অসমীয়া | যিজনে শংকৰদেৱ আৰু আজান পীৰৰ সৃষ্টিৰাজিক গৌৰৱমন্দিতকৈ আৰু তেওঁলোকৰ ওপৰত ৰজা-ঘৰীয়াই কৰা অন্যায়ৰ কাহিনী ব্যথা লগাকৈ দাঙি ধৰিব পাৰে, তেওঁক হিন্দু বা মুছলমান নহয়, অসমীয়া বুলি কোৱা | ** দবা - শংখ ৰ ধ্বনিত দহ বাৰ ভগৱানক স্মৰণ কৰিও নামাজৰ শব্দ শুনি যিজন মৌন হৈ ৰয় তেওঁ অসমীয়া | ** লাচিতৰ মোমাই কটা কাহিনী কৈ গৌৰৱ কৰা জন অসমীয়া | জয়মতী , মূলাগাভৰু, কনকলতাৰ সাহস তথা ত্যাগৰ কাহিনী কৈ গৌৰৱ কৰা জনৰ পৰিচয়ো অসমীয়া | ** হাজাৰ চেষ্টা কৰিও যিসকলৰ মাজত, জাতি ধৰ্মৰ বিভাজন আনিব নোৱাৰি, তেওঁলোক অসমীয়া |জাতি - মাটি - ভেটি তথা ভাষাৰ সংকটৰ সময়ত একেলগে মাৰ বান্ধি থিয় দিয়া সকল অসমীয়া** "New Year Day " ত কৈ মাঘ বিহুৰ বাবে যিসকল অধিক উৎসাহী হৈ থাকে , তেওঁলোক অসমীয়া | ** যদি তোমাক কোনোবাই মৰম বা সন্মানত গামোচা উপহাৰ দিছে, তেন্তে তেওঁ অসমীয়া | ** যি জন সৰু সৰু কথাতে আবেগিক হৈ পৰে, তেওঁ অসমীয়া | তোমাৰ বিপদত যিজন অপৰিচিতই আহি তোমাক সহায় কৰিব ; তোমাৰ দূখত, যিজন অপৰিচিতৰ চকুত চকুলো দেখিবা, তেওঁৰ পৰিচয়ে অসমীয়া | **যদি কোনো শিশুৱে "Johny Johny Yes Papa " , "Twinkle Twinkle little star " সলসলীয়াকৈ গাব পৰাৰ লগতে "নিচিনো তোমাক ক'ত আছা প্ৰভু"ও গাব পাৰে, তেন্তে সেই শিশু নিসন্দেহে অসমীয়া |যি জনৰ প্ৰিয় কিতাপসমূহৰ মাজত বুঢ়ী আইৰ সাধু কিতাপ খনো থাকে , তেওঁ এশ শতাংশই অসমীয়া | "মৌচাক" , "ৰংমেলা" ," ৰংমন " ৰ বিষয়ে নজনা জনক অসমীয়া বুলি ক'বলৈ অসুবিধা হয় | ** যিয়ে জ্যোতিপ্ৰসাদ আগৰৱালা , বিষ্ণু প্ৰসাদ ৰাভা, ভূপেন হাজৰিকা দেৱক শ্ৰদ্ধাৰে স্মৰণ কৰে,আৰু যাৰ হৃদয়ত জুবিন গাৰ্গ থাকে তেওঁ অসমীয়া | - দেৱাশ্ৰী হাজৰিকা

People who shared love close

More like this

Trending Topic