Debashree Hazarika

Debashree Hazarika

  • Latest
  • Popular
  • Video

মৰমৰ, প্ৰিয়তম কেনে আছা তুমি? আশা কৰো, তুমি কুশলেই আছা |তোমাৰ সুখৰ পঁজাত শান্তিৰ চৰাইজনীয়ে অহৰহ কল্লোলিত কৰি ৰাখক, মনে প্ৰাণে তাকেই কামনা কৰো | মাঘমহীয়া কোমল ৰ'দজাকৰ কোলাত বহি আজি মেলি লৈছো মোৰ প্ৰেম ডায়েৰীখন, মনৰ কথাবোৰ তোমাক প্ৰকাশ কৰো বুলি | তোমাৰ অচিনাকী ঠিকনাত এইখন মোৰ প্ৰথম প্ৰেমপত্ৰ | নাজানো, তোমাৰ অচিনাকী ঠিকনাত ডাকোৱালে চিঠিখন দিব পাৰিবনে নাই | তথাপিও এটা ক্ষীণ আশা লৈ, ডায়েৰীৰ উকা পৃষ্ঠাত নীলা চিয়াঁহীৰে প্ৰথম প্ৰেমৰ শব্দ বুলাইছো | নাজানো, মোৰ কথাই তোমাৰ হৃদয় স্পৰ্শ কৰিব পাৰে নে নাই, বুকুৰ ভিতৰত চলি থকা আবেগৰ ঢলজাকো তোমাৰ দৃষ্টিগোচৰ হয় নে নহয় নাজানো | আশা কৰো, তোমাৰ নামেৰে উন্মাদ, উন্মনা হোৱা মোৰ হৃদয়ৰ ভাষা তুমি বুজিবলৈ চেষ্টা কৰিবা | এনেকুৱা এটা মায়াসনা শীতৰ দুপৰীয়া, বসন্তৰ বতৰা লৈ তুমি আহিছিলা মোৰ জীৱনলৈ | অন্ধকাৰ গহ্বৰত সোমাই থকা মোৰ জীৱনটোত জোনাক সিঁচিবলৈ | তোমাৰ লগত কথা পতাৰ পৰাই মোৰ জীৱনত নতুনকৈ কুঁহিপাত মেলিছে | তোমাৰ মৰম পৰশত মোৰ সপোনবোৰে পাহি মেলিছে |তোমাৰ ভাবনাই মোৰ দুচকুৰ নিদ্ৰা হৰণ কৰি, কল্পনাৰ পৰিসৰ বৃদ্ধি কৰিছে | নিশাৰ নিস্তব্ধতাত তোমাৰ কাল্পনিক অস্তিত্বই মোৰ সত্ত্বাক শিহঁৰিত কৰিছে | ভাল লগা হৈ আহিছে তোমাৰ সান্নিধ্য, তোমাৰ সৰু সৰু আদৰবোৰ ,তোমাৰ সৰু সৰু ধেমালিবোৰ | এটা কথা কি জানা, তোমাক হেৰুৱাও বুলি আজিকালি মোৰ বৰ ভয় হ'বলৈ ধৰিছে | ক'ৰবাত শুনিছিলো য'ত হেনো হেৰুৱাৰ ভয় থাকে তাতেই প্ৰেম থাকে | নজনাকৈয়ে ময়ো তোমাৰ প্ৰেমত পৰিলো পংকজ দা | হেঁপাহৰ কেনভাচত সংগোপনে তোমাৰ ছবি আকিছো |বুকুত তুমি ৰুই দিয়া প্ৰেমৰ ৰক্তগোলাপ জোপা সযতনৰে ডাঙৰ কৰিছো, তোমাৰ নামেৰেই | কৃষ্ণচূড়াৰ দেশত হাতে হাত ধৰি ভৱিষ্যতলৈ বাট বুলোৱাৰ সপোন ৰচিছো | শেষত জনম জনমলৈ তোমাক ভালপোৱাৰ প্ৰতিশ্ৰুতিৰে তোমাৰ উত্তৰৰ অপেক্ষাত, ইতি, তোমাৰ আজন্ম প্ৰেমিকা নীলাঞ্জনা

 মৰমৰ, 
প্ৰিয়তম 
কেনে আছা তুমি? আশা কৰো, তুমি কুশলেই আছা |তোমাৰ সুখৰ পঁজাত শান্তিৰ চৰাইজনীয়ে অহৰহ কল্লোলিত কৰি ৰাখক, মনে প্ৰাণে তাকেই কামনা কৰো |
 
মাঘমহীয়া কোমল ৰ'দজাকৰ কোলাত বহি আজি মেলি লৈছো মোৰ প্ৰেম ডায়েৰীখন, মনৰ কথাবোৰ তোমাক প্ৰকাশ কৰো বুলি | তোমাৰ অচিনাকী ঠিকনাত এইখন মোৰ প্ৰথম  প্ৰেমপত্ৰ | নাজানো, তোমাৰ অচিনাকী ঠিকনাত ডাকোৱালে চিঠিখন দিব পাৰিবনে নাই | তথাপিও এটা ক্ষীণ আশা লৈ, ডায়েৰীৰ উকা পৃষ্ঠাত নীলা চিয়াঁহীৰে প্ৰথম প্ৰেমৰ শব্দ বুলাইছো | নাজানো, মোৰ কথাই তোমাৰ হৃদয় স্পৰ্শ কৰিব পাৰে নে নাই, বুকুৰ ভিতৰত চলি থকা আবেগৰ ঢলজাকো তোমাৰ দৃষ্টিগোচৰ হয় নে নহয় নাজানো | আশা কৰো, তোমাৰ নামেৰে উন্মাদ, উন্মনা হোৱা মোৰ হৃদয়ৰ ভাষা তুমি বুজিবলৈ চেষ্টা কৰিবা |
এনেকুৱা এটা মায়াসনা শীতৰ দুপৰীয়া, বসন্তৰ বতৰা লৈ তুমি আহিছিলা মোৰ জীৱনলৈ | অন্ধকাৰ গহ্বৰত সোমাই থকা মোৰ জীৱনটোত জোনাক সিঁচিবলৈ | তোমাৰ লগত কথা পতাৰ পৰাই মোৰ জীৱনত  নতুনকৈ কুঁহিপাত মেলিছে | তোমাৰ মৰম পৰশত মোৰ সপোনবোৰে পাহি মেলিছে |তোমাৰ ভাবনাই মোৰ দুচকুৰ নিদ্ৰা হৰণ কৰি, কল্পনাৰ পৰিসৰ বৃদ্ধি কৰিছে | নিশাৰ নিস্তব্ধতাত তোমাৰ কাল্পনিক অস্তিত্বই মোৰ সত্ত্বাক শিহঁৰিত কৰিছে | ভাল লগা হৈ আহিছে তোমাৰ সান্নিধ্য, তোমাৰ সৰু সৰু আদৰবোৰ ,তোমাৰ সৰু সৰু ধেমালিবোৰ | এটা কথা কি জানা, তোমাক হেৰুৱাও বুলি আজিকালি মোৰ বৰ ভয় হ'বলৈ ধৰিছে | ক'ৰবাত শুনিছিলো য'ত হেনো হেৰুৱাৰ ভয় থাকে তাতেই প্ৰেম থাকে | নজনাকৈয়ে ময়ো তোমাৰ প্ৰেমত পৰিলো পংকজ দা | হেঁপাহৰ কেনভাচত সংগোপনে তোমাৰ ছবি আকিছো |বুকুত তুমি ৰুই দিয়া প্ৰেমৰ ৰক্তগোলাপ জোপা সযতনৰে ডাঙৰ কৰিছো, তোমাৰ নামেৰেই | কৃষ্ণচূড়াৰ দেশত হাতে হাত ধৰি ভৱিষ্যতলৈ বাট বুলোৱাৰ সপোন ৰচিছো | শেষত জনম জনমলৈ তোমাক ভালপোৱাৰ প্ৰতিশ্ৰুতিৰে তোমাৰ উত্তৰৰ অপেক্ষাত, 

ইতি, 
তোমাৰ আজন্ম প্ৰেমিকা 
নীলাঞ্জনা

মৰমৰ, প্ৰিয়তম কেনে আছা তুমি? আশা কৰো, তুমি কুশলেই আছা |তোমাৰ সুখৰ পঁজাত শান্তিৰ চৰাইজনীয়ে অহৰহ কল্লোলিত কৰি ৰাখক, মনে প্ৰাণে তাকেই কামনা কৰো | মাঘমহীয়া কোমল ৰ'দজাকৰ কোলাত বহি আজি মেলি লৈছো মোৰ প্ৰেম ডায়েৰীখন, মনৰ কথাবোৰ তোমাক প্ৰকাশ কৰো বুলি | তোমাৰ অচিনাকী ঠিকনাত এইখন মোৰ প্ৰথম প্ৰেমপত্ৰ | নাজানো, তোমাৰ অচিনাকী ঠিকনাত ডাকোৱালে চিঠিখন দিব পাৰিবনে নাই | তথাপিও এটা ক্ষীণ আশা লৈ, ডায়েৰীৰ উকা পৃষ্ঠাত নীলা চিয়াঁহীৰে প্ৰথম প্ৰেমৰ শব্দ বুলাইছো | নাজানো, মোৰ কথাই তোমাৰ হৃদয় স্পৰ্শ কৰিব পাৰে নে নাই, বুকুৰ ভিতৰত চলি থকা আবেগৰ ঢলজাকো তোমাৰ দৃষ্টিগোচৰ হয় নে নহয় নাজানো | আশা কৰো, তোমাৰ নামেৰে উন্মাদ, উন্মনা হোৱা মোৰ হৃদয়ৰ ভাষা তুমি বুজিবলৈ চেষ্টা কৰিবা | এনেকুৱা এটা মায়াসনা শীতৰ দুপৰীয়া, বসন্তৰ বতৰা লৈ তুমি আহিছিলা মোৰ জীৱনলৈ | অন্ধকাৰ গহ্বৰত সোমাই থকা মোৰ জীৱনটোত জোনাক সিঁচিবলৈ | তোমাৰ লগত কথা পতাৰ পৰাই মোৰ জীৱনত নতুনকৈ কুঁহিপাত মেলিছে | তোমাৰ মৰম পৰশত মোৰ সপোনবোৰে পাহি মেলিছে |তোমাৰ ভাবনাই মোৰ দুচকুৰ নিদ্ৰা হৰণ কৰি, কল্পনাৰ পৰিসৰ বৃদ্ধি কৰিছে | নিশাৰ নিস্তব্ধতাত তোমাৰ কাল্পনিক অস্তিত্বই মোৰ সত্ত্বাক শিহঁৰিত কৰিছে | ভাল লগা হৈ আহিছে তোমাৰ সান্নিধ্য, তোমাৰ সৰু সৰু আদৰবোৰ ,তোমাৰ সৰু সৰু ধেমালিবোৰ | এটা কথা কি জানা, তোমাক হেৰুৱাও বুলি আজিকালি মোৰ বৰ ভয় হ'বলৈ ধৰিছে | ক'ৰবাত শুনিছিলো য'ত হেনো হেৰুৱাৰ ভয় থাকে তাতেই প্ৰেম থাকে | নজনাকৈয়ে ময়ো তোমাৰ প্ৰেমত পৰিলো পংকজ দা | হেঁপাহৰ কেনভাচত সংগোপনে তোমাৰ ছবি আকিছো |বুকুত তুমি ৰুই দিয়া প্ৰেমৰ ৰক্তগোলাপ জোপা সযতনৰে ডাঙৰ কৰিছো, তোমাৰ নামেৰেই | কৃষ্ণচূড়াৰ দেশত হাতে হাত ধৰি ভৱিষ্যতলৈ বাট বুলোৱাৰ সপোন ৰচিছো | শেষত জনম জনমলৈ তোমাক ভালপোৱাৰ প্ৰতিশ্ৰুতিৰে তোমাৰ উত্তৰৰ অপেক্ষাত, ইতি, তোমাৰ আজন্ম প্ৰেমিকা নীলাঞ্জনা

0 Love

** "New Year Day " ত কৈ মাঘ বিহুৰ বাবে যিসকল অধিক উৎসাহী হৈ থাকে , তেওঁলোক অসমীয়া | ** যদি তোমাক কোনোবাই মৰম বা সন্মানত গামোচা উপহাৰ দিছে, তেন্তে তেওঁ অসমীয়া | ** যি জন সৰু সৰু কথাতে আবেগিক হৈ পৰে, তেওঁ অসমীয়া | তোমাৰ বিপদত যিজন অপৰিচিতই আহি তোমাক সহায় কৰিব ; তোমাৰ দূখত, যিজন অপৰিচিতৰ চকুত চকুলো দেখিবা, তেওঁৰ পৰিচয়ে অসমীয়া | **যদি কোনো শিশুৱে "Johny Johny Yes Papa " , "Twinkle Twinkle little star " সলসলীয়াকৈ গাব পৰাৰ লগতে "নিচিনো তোমাক ক'ত আছা প্ৰভু"ও গাব পাৰে, তেন্তে সেই শিশু নিসন্দেহে অসমীয়া |যি জনৰ প্ৰিয় কিতাপসমূহৰ মাজত বুঢ়ী আইৰ সাধু কিতাপ খনো থাকে , তেওঁ এশ শতাংশই অসমীয়া | "মৌচাক" , "ৰংমেলা" ," ৰংমন " ৰ বিষয়ে নজনা জনক অসমীয়া বুলি ক'বলৈ অসুবিধা হয় | ** যিয়ে জ্যোতিপ্ৰসাদ আগৰৱালা , বিষ্ণু প্ৰসাদ ৰাভা, ভূপেন হাজৰিকা দেৱক শ্ৰদ্ধাৰে স্মৰণ কৰে,আৰু যাৰ হৃদয়ত জুবিন গাৰ্গ থাকে তেওঁ অসমীয়া | - দেৱাশ্ৰী হাজৰিকা

 ** "New Year Day " ত কৈ মাঘ বিহুৰ বাবে যিসকল অধিক উৎসাহী হৈ থাকে , তেওঁলোক অসমীয়া |

** যদি তোমাক কোনোবাই মৰম বা সন্মানত গামোচা উপহাৰ দিছে, তেন্তে তেওঁ অসমীয়া |

** যি জন সৰু সৰু কথাতে আবেগিক হৈ পৰে, তেওঁ অসমীয়া | তোমাৰ বিপদত যিজন অপৰিচিতই আহি তোমাক সহায় কৰিব ; তোমাৰ দূখত, যিজন অপৰিচিতৰ চকুত চকুলো দেখিবা, তেওঁৰ পৰিচয়ে অসমীয়া |

**যদি কোনো শিশুৱে "Johny Johny Yes Papa " , "Twinkle Twinkle little star " সলসলীয়াকৈ গাব পৰাৰ লগতে "নিচিনো তোমাক ক'ত আছা প্ৰভু"ও গাব পাৰে, তেন্তে সেই শিশু নিসন্দেহে অসমীয়া |যি জনৰ প্ৰিয় কিতাপসমূহৰ মাজত বুঢ়ী আইৰ সাধু কিতাপ খনো থাকে , তেওঁ এশ শতাংশই অসমীয়া | "মৌচাক" , "ৰংমেলা" ," ৰংমন " ৰ বিষয়ে নজনা জনক অসমীয়া বুলি ক'বলৈ অসুবিধা হয় |

** যিয়ে জ্যোতিপ্ৰসাদ আগৰৱালা , বিষ্ণু প্ৰসাদ ৰাভা, ভূপেন হাজৰিকা দেৱক শ্ৰদ্ধাৰে স্মৰণ কৰে,আৰু যাৰ হৃদয়ত জুবিন গাৰ্গ থাকে তেওঁ অসমীয়া |

- দেৱাশ্ৰী হাজৰিকা

** "New Year Day " ত কৈ মাঘ বিহুৰ বাবে যিসকল অধিক উৎসাহী হৈ থাকে , তেওঁলোক অসমীয়া | ** যদি তোমাক কোনোবাই মৰম বা সন্মানত গামোচা উপহাৰ দিছে, তেন্তে তেওঁ অসমীয়া | ** যি জন সৰু সৰু কথাতে আবেগিক হৈ পৰে, তেওঁ অসমীয়া | তোমাৰ বিপদত যিজন অপৰিচিতই আহি তোমাক সহায় কৰিব ; তোমাৰ দূখত, যিজন অপৰিচিতৰ চকুত চকুলো দেখিবা, তেওঁৰ পৰিচয়ে অসমীয়া | **যদি কোনো শিশুৱে "Johny Johny Yes Papa " , "Twinkle Twinkle little star " সলসলীয়াকৈ গাব পৰাৰ লগতে "নিচিনো তোমাক ক'ত আছা প্ৰভু"ও গাব পাৰে, তেন্তে সেই শিশু নিসন্দেহে অসমীয়া |যি জনৰ প্ৰিয় কিতাপসমূহৰ মাজত বুঢ়ী আইৰ সাধু কিতাপ খনো থাকে , তেওঁ এশ শতাংশই অসমীয়া | "মৌচাক" , "ৰংমেলা" ," ৰংমন " ৰ বিষয়ে নজনা জনক অসমীয়া বুলি ক'বলৈ অসুবিধা হয় | ** যিয়ে জ্যোতিপ্ৰসাদ আগৰৱালা , বিষ্ণু প্ৰসাদ ৰাভা, ভূপেন হাজৰিকা দেৱক শ্ৰদ্ধাৰে স্মৰণ কৰে,আৰু যাৰ হৃদয়ত জুবিন গাৰ্গ থাকে তেওঁ অসমীয়া | - দেৱাশ্ৰী হাজৰিকা

4 Love

#অসমীয়া "আমি অসমীয়া নহওঁ দুখীয়া " ----আচলতে কোন এই অসমীয়া? অসমীয়াৰ সংজ্ঞা কি? এইটো এটা সততে উত্থাপিত হৈ থকা প্ৰশ্ন | কিন্তু মই ভাবো অসমীয়াৰ বাবে কোনো বিশেষ সংজ্ঞাৰ প্ৰয়োজন নাই | **ঢোলৰ গুমগুমনি শুনিলেই মুহূৰ্ততে যাৰ দেহ মন প্ৰাণৰ জঠৰতা ভাঙে, তেঁৱেই অসমীয়া ; সেয়া লাগিলে বিহুৰ পৰিৱেশ হওঁক বা নহওঁক | বিহু, বৰগীতেই হওঁক কিম্বা ঐনিতম, বাগৰুম্বায়েই হওঁক অথবা জিকিৰ, সকলোতে সমানে আত্মাহাৰা হোৱাজনেই অসমীয়া | **জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে শংকৰ আজান দুয়োজনাৰে গুণানুকীৰ্তন কৰা জন অসমীয়া | যিজনে শংকৰদেৱ আৰু আজান পীৰৰ সৃষ্টিৰাজিক গৌৰৱমন্দিতকৈ আৰু তেওঁলোকৰ ওপৰত ৰজা-ঘৰীয়াই কৰা অন্যায়ৰ কাহিনী ব্যথা লগাকৈ দাঙি ধৰিব পাৰে, তেওঁক হিন্দু বা মুছলমান নহয়, অসমীয়া বুলি কোৱা | ** দবা - শংখ ৰ ধ্বনিত দহ বাৰ ভগৱানক স্মৰণ কৰিও নামাজৰ শব্দ শুনি যিজন মৌন হৈ ৰয় তেওঁ অসমীয়া | ** লাচিতৰ মোমাই কটা কাহিনী কৈ গৌৰৱ কৰা জন অসমীয়া | জয়মতী , মূলাগাভৰু, কনকলতাৰ সাহস তথা ত্যাগৰ কাহিনী কৈ গৌৰৱ কৰা জনৰ পৰিচয়ো অসমীয়া | ** হাজাৰ চেষ্টা কৰিও যিসকলৰ মাজত, জাতি ধৰ্মৰ বিভাজন আনিব নোৱাৰি, তেওঁলোক অসমীয়া |জাতি - মাটি - ভেটি তথা ভাষাৰ সংকটৰ সময়ত একেলগে মাৰ বান্ধি থিয় দিয়া সকল অসমীয়া

#অসমীয়া  #অসমীয়া 

"আমি অসমীয়া নহওঁ দুখীয়া "
----আচলতে কোন এই অসমীয়া? অসমীয়াৰ সংজ্ঞা কি? এইটো এটা সততে উত্থাপিত হৈ থকা প্ৰশ্ন |
কিন্তু মই ভাবো অসমীয়াৰ বাবে কোনো বিশেষ সংজ্ঞাৰ প্ৰয়োজন নাই |

**ঢোলৰ গুমগুমনি শুনিলেই মুহূৰ্ততে যাৰ দেহ মন প্ৰাণৰ জঠৰতা ভাঙে, তেঁৱেই অসমীয়া ; সেয়া লাগিলে বিহুৰ পৰিৱেশ হওঁক বা নহওঁক | বিহু, বৰগীতেই হওঁক কিম্বা ঐনিতম, বাগৰুম্বায়েই হওঁক অথবা জিকিৰ, সকলোতে সমানে আত্মাহাৰা হোৱাজনেই অসমীয়া |

**জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে শংকৰ আজান দুয়োজনাৰে গুণানুকীৰ্তন কৰা জন অসমীয়া | যিজনে শংকৰদেৱ আৰু আজান পীৰৰ সৃষ্টিৰাজিক গৌৰৱমন্দিতকৈ আৰু তেওঁলোকৰ ওপৰত ৰজা-ঘৰীয়াই কৰা অন্যায়ৰ কাহিনী ব্যথা লগাকৈ দাঙি ধৰিব পাৰে, তেওঁক হিন্দু বা মুছলমান নহয়, অসমীয়া বুলি কোৱা |

** দবা - শংখ ৰ ধ্বনিত দহ বাৰ ভগৱানক স্মৰণ কৰিও নামাজৰ শব্দ শুনি যিজন মৌন হৈ ৰয় তেওঁ অসমীয়া |

** লাচিতৰ মোমাই কটা কাহিনী কৈ গৌৰৱ কৰা জন অসমীয়া | জয়মতী , মূলাগাভৰু, কনকলতাৰ সাহস তথা ত্যাগৰ কাহিনী কৈ গৌৰৱ কৰা জনৰ পৰিচয়ো অসমীয়া |

** হাজাৰ চেষ্টা কৰিও যিসকলৰ মাজত, জাতি ধৰ্মৰ বিভাজন আনিব নোৱাৰি, তেওঁলোক অসমীয়া |জাতি - মাটি - ভেটি তথা ভাষাৰ সংকটৰ সময়ত একেলগে মাৰ বান্ধি থিয় দিয়া সকল অসমীয়া

#অসমীয়া "আমি অসমীয়া নহওঁ দুখীয়া " ----আচলতে কোন এই অসমীয়া? অসমীয়াৰ সংজ্ঞা কি? এইটো এটা সততে উত্থাপিত হৈ থকা প্ৰশ্ন | কিন্তু মই ভাবো অসমীয়াৰ বাবে কোনো বিশেষ সংজ্ঞাৰ প্ৰয়োজন নাই | **ঢোলৰ গুমগুমনি শুনিলেই মুহূৰ্ততে যাৰ দেহ মন প্ৰাণৰ জঠৰতা ভাঙে, তেঁৱেই অসমীয়া ; সেয়া লাগিলে বিহুৰ পৰিৱেশ হওঁক বা নহওঁক | বিহু, বৰগীতেই হওঁক কিম্বা ঐনিতম, বাগৰুম্বায়েই হওঁক অথবা জিকিৰ, সকলোতে সমানে আত্মাহাৰা হোৱাজনেই অসমীয়া | **জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে শংকৰ আজান দুয়োজনাৰে গুণানুকীৰ্তন কৰা জন অসমীয়া | যিজনে শংকৰদেৱ আৰু আজান পীৰৰ সৃষ্টিৰাজিক গৌৰৱমন্দিতকৈ আৰু তেওঁলোকৰ ওপৰত ৰজা-ঘৰীয়াই কৰা অন্যায়ৰ কাহিনী ব্যথা লগাকৈ দাঙি ধৰিব পাৰে, তেওঁক হিন্দু বা মুছলমান নহয়, অসমীয়া বুলি কোৱা | ** দবা - শংখ ৰ ধ্বনিত দহ বাৰ ভগৱানক স্মৰণ কৰিও নামাজৰ শব্দ শুনি যিজন মৌন হৈ ৰয় তেওঁ অসমীয়া | ** লাচিতৰ মোমাই কটা কাহিনী কৈ গৌৰৱ কৰা জন অসমীয়া | জয়মতী , মূলাগাভৰু, কনকলতাৰ সাহস তথা ত্যাগৰ কাহিনী কৈ গৌৰৱ কৰা জনৰ পৰিচয়ো অসমীয়া | ** হাজাৰ চেষ্টা কৰিও যিসকলৰ মাজত, জাতি ধৰ্মৰ বিভাজন আনিব নোৱাৰি, তেওঁলোক অসমীয়া |জাতি - মাটি - ভেটি তথা ভাষাৰ সংকটৰ সময়ত একেলগে মাৰ বান্ধি থিয় দিয়া সকল অসমীয়া

2 Love

"আমি অসমীয়া নহওঁ দুখীয়া " ----আচলতে কোন এই অসমীয়া? অসমীয়াৰ সংজ্ঞা কি? এইটো এটা সততে উত্থাপিত হৈ থকা প্ৰশ্ন | কিন্তু মই ভাবো অসমীয়াৰ বাবে কোনো বিশেষ সংজ্ঞাৰ প্ৰয়োজন নাই | **ঢোলৰ গুমগুমনি শুনিলেই মুহূৰ্ততে যাৰ দেহ মন প্ৰাণৰ জঠৰতা ভাঙে, তেঁৱেই অসমীয়া ; সেয়া লাগিলে বিহুৰ পৰিৱেশ হওঁক বা নহওঁক | বিহু, বৰগীতেই হওঁক কিম্বা ঐনিতম, বাগৰুম্বায়েই হওঁক অথবা জিকিৰ, সকলোতে সমানে আত্মাহাৰা হোৱাজনেই অসমীয়া | **জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে শংকৰ আজান দুয়োজনাৰে গুণানুকীৰ্তন কৰা জন অসমীয়া | যিজনে শংকৰদেৱ আৰু আজান পীৰৰ সৃষ্টিৰাজিক গৌৰৱমন্দিতকৈ আৰু তেওঁলোকৰ ওপৰত ৰজা-ঘৰীয়াই কৰা অন্যায়ৰ কাহিনী ব্যথা লগাকৈ দাঙি ধৰিব পাৰে, তেওঁক হিন্দু বা মুছলমান নহয়, অসমীয়া বুলি কোৱা | ** দবা - শংখ ৰ ধ্বনিত দহ বাৰ ভগৱানক স্মৰণ কৰিও নামাজৰ শব্দ শুনি যিজন মৌন হৈ ৰয় তেওঁ অসমীয়া | ** লাচিতৰ মোমাই কটা কাহিনী কৈ গৌৰৱ কৰা জন অসমীয়া | জয়মতী , মূলাগাভৰু, কনকলতাৰ সাহস তথা ত্যাগৰ কাহিনী কৈ গৌৰৱ কৰা জনৰ পৰিচয়ো অসমীয়া | ** হাজাৰ চেষ্টা কৰিও যিসকলৰ মাজত, জাতি ধৰ্মৰ বিভাজন আনিব নোৱাৰি, তেওঁলোক অসমীয়া |জাতি - মাটি - ভেটি তথা ভাষাৰ সংকটৰ সময়ত একেলগে মাৰ বান্ধি থিয় দিয়া সকল অসমীয়া** "New Year Day " ত কৈ মাঘ বিহুৰ বাবে যিসকল অধিক উৎসাহী হৈ থাকে , তেওঁলোক অসমীয়া | ** যদি তোমাক কোনোবাই মৰম বা সন্মানত গামোচা উপহাৰ দিছে, তেন্তে তেওঁ অসমীয়া | ** যি জন সৰু সৰু কথাতে আবেগিক হৈ পৰে, তেওঁ অসমীয়া | তোমাৰ বিপদত যিজন অপৰিচিতই আহি তোমাক সহায় কৰিব ; তোমাৰ দূখত, যিজন অপৰিচিতৰ চকুত চকুলো দেখিবা, তেওঁৰ পৰিচয়ে অসমীয়া | **যদি কোনো শিশুৱে "Johny Johny Yes Papa " , "Twinkle Twinkle little star " সলসলীয়াকৈ গাব পৰাৰ লগতে "নিচিনো তোমাক ক'ত আছা প্ৰভু"ও গাব পাৰে, তেন্তে সেই শিশু নিসন্দেহে অসমীয়া |যি জনৰ প্ৰিয় কিতাপসমূহৰ মাজত বুঢ়ী আইৰ সাধু কিতাপ খনো থাকে , তেওঁ এশ শতাংশই অসমীয়া | "মৌচাক" , "ৰংমেলা" ," ৰংমন " ৰ বিষয়ে নজনা জনক অসমীয়া বুলি ক'বলৈ অসুবিধা হয় | ** যিয়ে জ্যোতিপ্ৰসাদ আগৰৱালা , বিষ্ণু প্ৰসাদ ৰাভা, ভূপেন হাজৰিকা দেৱক শ্ৰদ্ধাৰে স্মৰণ কৰে,আৰু যাৰ হৃদয়ত জুবিন গাৰ্গ থাকে তেওঁ অসমীয়া | - দেৱাশ্ৰী হাজৰিকা

 "আমি অসমীয়া নহওঁ দুখীয়া "
----আচলতে কোন এই অসমীয়া? অসমীয়াৰ সংজ্ঞা কি? এইটো এটা সততে উত্থাপিত হৈ থকা প্ৰশ্ন |
কিন্তু মই ভাবো অসমীয়াৰ বাবে কোনো বিশেষ সংজ্ঞাৰ প্ৰয়োজন নাই |

**ঢোলৰ গুমগুমনি শুনিলেই মুহূৰ্ততে যাৰ দেহ মন প্ৰাণৰ জঠৰতা ভাঙে, তেঁৱেই অসমীয়া ; সেয়া লাগিলে বিহুৰ পৰিৱেশ হওঁক বা নহওঁক | বিহু, বৰগীতেই হওঁক কিম্বা ঐনিতম, বাগৰুম্বায়েই হওঁক অথবা জিকিৰ, সকলোতে সমানে আত্মাহাৰা হোৱাজনেই অসমীয়া |

**জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে শংকৰ আজান দুয়োজনাৰে গুণানুকীৰ্তন কৰা জন অসমীয়া | যিজনে শংকৰদেৱ আৰু আজান পীৰৰ সৃষ্টিৰাজিক গৌৰৱমন্দিতকৈ আৰু তেওঁলোকৰ ওপৰত ৰজা-ঘৰীয়াই কৰা অন্যায়ৰ কাহিনী ব্যথা লগাকৈ দাঙি ধৰিব পাৰে, তেওঁক হিন্দু বা মুছলমান নহয়, অসমীয়া বুলি কোৱা |

** দবা - শংখ ৰ ধ্বনিত দহ বাৰ ভগৱানক স্মৰণ কৰিও নামাজৰ শব্দ শুনি যিজন মৌন হৈ ৰয় তেওঁ অসমীয়া |

** লাচিতৰ মোমাই কটা কাহিনী কৈ গৌৰৱ কৰা জন অসমীয়া | জয়মতী , মূলাগাভৰু, কনকলতাৰ সাহস তথা ত্যাগৰ কাহিনী কৈ গৌৰৱ কৰা জনৰ পৰিচয়ো অসমীয়া |

** হাজাৰ চেষ্টা কৰিও যিসকলৰ মাজত, জাতি ধৰ্মৰ বিভাজন আনিব নোৱাৰি, তেওঁলোক অসমীয়া |জাতি - মাটি - ভেটি তথা ভাষাৰ সংকটৰ সময়ত একেলগে মাৰ বান্ধি থিয় দিয়া সকল অসমীয়া** "New Year Day " ত কৈ মাঘ বিহুৰ বাবে যিসকল অধিক উৎসাহী হৈ থাকে , তেওঁলোক অসমীয়া |

** যদি তোমাক কোনোবাই মৰম বা সন্মানত গামোচা উপহাৰ দিছে, তেন্তে তেওঁ অসমীয়া |

** যি জন সৰু সৰু কথাতে আবেগিক হৈ পৰে, তেওঁ অসমীয়া | তোমাৰ বিপদত যিজন অপৰিচিতই আহি তোমাক সহায় কৰিব ; তোমাৰ দূখত, যিজন অপৰিচিতৰ চকুত চকুলো দেখিবা, তেওঁৰ পৰিচয়ে অসমীয়া |

**যদি কোনো শিশুৱে "Johny Johny Yes Papa " , "Twinkle Twinkle little star " সলসলীয়াকৈ গাব পৰাৰ লগতে "নিচিনো তোমাক ক'ত আছা প্ৰভু"ও গাব পাৰে, তেন্তে সেই শিশু নিসন্দেহে অসমীয়া |যি জনৰ প্ৰিয় কিতাপসমূহৰ মাজত বুঢ়ী আইৰ সাধু কিতাপ খনো থাকে , তেওঁ এশ শতাংশই অসমীয়া |
"মৌচাক" , "ৰংমেলা" ," ৰংমন " ৰ বিষয়ে নজনা জনক অসমীয়া বুলি ক'বলৈ অসুবিধা হয় |

** যিয়ে জ্যোতিপ্ৰসাদ আগৰৱালা , বিষ্ণু প্ৰসাদ ৰাভা, ভূপেন হাজৰিকা দেৱক শ্ৰদ্ধাৰে স্মৰণ কৰে,আৰু যাৰ হৃদয়ত জুবিন গাৰ্গ থাকে তেওঁ অসমীয়া |

- দেৱাশ্ৰী হাজৰিকা

"আমি অসমীয়া নহওঁ দুখীয়া " ----আচলতে কোন এই অসমীয়া? অসমীয়াৰ সংজ্ঞা কি? এইটো এটা সততে উত্থাপিত হৈ থকা প্ৰশ্ন | কিন্তু মই ভাবো অসমীয়াৰ বাবে কোনো বিশেষ সংজ্ঞাৰ প্ৰয়োজন নাই | **ঢোলৰ গুমগুমনি শুনিলেই মুহূৰ্ততে যাৰ দেহ মন প্ৰাণৰ জঠৰতা ভাঙে, তেঁৱেই অসমীয়া ; সেয়া লাগিলে বিহুৰ পৰিৱেশ হওঁক বা নহওঁক | বিহু, বৰগীতেই হওঁক কিম্বা ঐনিতম, বাগৰুম্বায়েই হওঁক অথবা জিকিৰ, সকলোতে সমানে আত্মাহাৰা হোৱাজনেই অসমীয়া | **জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে শংকৰ আজান দুয়োজনাৰে গুণানুকীৰ্তন কৰা জন অসমীয়া | যিজনে শংকৰদেৱ আৰু আজান পীৰৰ সৃষ্টিৰাজিক গৌৰৱমন্দিতকৈ আৰু তেওঁলোকৰ ওপৰত ৰজা-ঘৰীয়াই কৰা অন্যায়ৰ কাহিনী ব্যথা লগাকৈ দাঙি ধৰিব পাৰে, তেওঁক হিন্দু বা মুছলমান নহয়, অসমীয়া বুলি কোৱা | ** দবা - শংখ ৰ ধ্বনিত দহ বাৰ ভগৱানক স্মৰণ কৰিও নামাজৰ শব্দ শুনি যিজন মৌন হৈ ৰয় তেওঁ অসমীয়া | ** লাচিতৰ মোমাই কটা কাহিনী কৈ গৌৰৱ কৰা জন অসমীয়া | জয়মতী , মূলাগাভৰু, কনকলতাৰ সাহস তথা ত্যাগৰ কাহিনী কৈ গৌৰৱ কৰা জনৰ পৰিচয়ো অসমীয়া | ** হাজাৰ চেষ্টা কৰিও যিসকলৰ মাজত, জাতি ধৰ্মৰ বিভাজন আনিব নোৱাৰি, তেওঁলোক অসমীয়া |জাতি - মাটি - ভেটি তথা ভাষাৰ সংকটৰ সময়ত একেলগে মাৰ বান্ধি থিয় দিয়া সকল অসমীয়া** "New Year Day " ত কৈ মাঘ বিহুৰ বাবে যিসকল অধিক উৎসাহী হৈ থাকে , তেওঁলোক অসমীয়া | ** যদি তোমাক কোনোবাই মৰম বা সন্মানত গামোচা উপহাৰ দিছে, তেন্তে তেওঁ অসমীয়া | ** যি জন সৰু সৰু কথাতে আবেগিক হৈ পৰে, তেওঁ অসমীয়া | তোমাৰ বিপদত যিজন অপৰিচিতই আহি তোমাক সহায় কৰিব ; তোমাৰ দূখত, যিজন অপৰিচিতৰ চকুত চকুলো দেখিবা, তেওঁৰ পৰিচয়ে অসমীয়া | **যদি কোনো শিশুৱে "Johny Johny Yes Papa " , "Twinkle Twinkle little star " সলসলীয়াকৈ গাব পৰাৰ লগতে "নিচিনো তোমাক ক'ত আছা প্ৰভু"ও গাব পাৰে, তেন্তে সেই শিশু নিসন্দেহে অসমীয়া |যি জনৰ প্ৰিয় কিতাপসমূহৰ মাজত বুঢ়ী আইৰ সাধু কিতাপ খনো থাকে , তেওঁ এশ শতাংশই অসমীয়া | "মৌচাক" , "ৰংমেলা" ," ৰংমন " ৰ বিষয়ে নজনা জনক অসমীয়া বুলি ক'বলৈ অসুবিধা হয় | ** যিয়ে জ্যোতিপ্ৰসাদ আগৰৱালা , বিষ্ণু প্ৰসাদ ৰাভা, ভূপেন হাজৰিকা দেৱক শ্ৰদ্ধাৰে স্মৰণ কৰে,আৰু যাৰ হৃদয়ত জুবিন গাৰ্গ থাকে তেওঁ অসমীয়া | - দেৱাশ্ৰী হাজৰিকা

3 Love

ডাঙৰ হোৱাৰ সপোনটোৱে এটা সময়ত বৰ আনন্দ দিছিল,কিন্তু আজি সেই বাস্তৱে নিৰৱে কন্দুৱাইছে মোক মা | বৰ খং উঠিছিল মা, তুমি যেতিয়া ৰাতিপুৱা ছয় বাজোতেই সাত বাজিল বুলি টোপনিৰ পৰা জগাই দিছিলা | সঁচাকৈ কৈছো মা, বৰ খং উঠিছিল তোমাৰ " অমুকৰ জীয়েক পুতেকৰ " উদাহৰণ দিয়া dialogue টো শুনি শুনি | কিন্তু এতিয়া সেই dialogue শুনিবলৈকে ব্যাকুল হৈ থাকো | টোপনিৰ পৰা সাৰ নোপোৱাৰ বাবে যেতিয়া কেতিয়াবা ফাৰ্ষ্ট ক্লাছ গৈ নাপাও , তেতিয়া উপলব্ধি কৰো তোমাৰ পৰা আঁতৰত থকাৰ দূখ | ৰাতিপুৱা তোমাৰ দহ - বাৰটা Missed call য়েও কাম নিদিয়ে, মোবাইলটো silent কৰি ৰখাৰ বৰ বেয়া অভ্যাস এটা হ'ল যে মোৰ | কলেজ কেন্টিনত কিবা এটা খাই পেটৰ ভোকটো ঠিকেই যায়, মনটোৱে কিন্তু তোমাৰ হাতৰ টিফিনটোহে বিচাৰে | তোমাৰ হাতৰ মেগি খিনিৰ যিমান সোৱাদ, এতিয়া সেই সোৱাদ zomato ৰ চিকেন চাওমিন খিনিটো নাপাও | বন্ধ আহিলে আগতেও ভাল পাইছিলো, এতিয়াও পাও, পাৰ্থক্য মাথো ইয়াতেই যে আগতে ঘৰৰ পৰা বাহিৰত ফুৰিবলৈ যাব পাৰিছিলো, আৰু এতিয়া হোষ্টেলৰ পৰা ঘৰলৈ যাবলৈ পাওঁ | তোমালৈ, ঘৰ খনলৈ মনত পৰি, দুপৰ নিশা আন্ধাৰত নিৰৱে চকুপানী বাগৰে | সকলোকে দেখুৱাইটো কান্দিবও নোৱাৰো, এতিয়া যে মই ডাঙৰ হ'লো | বৰকৈ উপলব্ধি কৰিছো এতিয়া, ডাঙৰ হোৱাৰ সপোনটো যিমান মিঠা আছিল, তাতকৈ হাজাৰ গুণ তিতা এই বাস্তৱ | দেওবাৰৰ দিনটোলৈ আজিকালি ভয়হে লগা হৈছে, আগতে কেতিয়াও কৰি নোপোৱা কামবোৰো নিজে কৰিব লাগে যে | তাৰ মাজতে আকৌ পঢ়া - শুনাও কৰিব লাগে, আগতেটো, তোমাৰ গালি নুশুনাকৈ পঢ়া টেবুললৈ যোৱাৰ কথা মনতে নপৰে | সময়বোৰ যে কেনেকৈ পাৰ হৈ গৈছে নহয়নে? গাঁও খন চাগে এতিয়া সোণোৱালী হৈ আছে ! চেমিষ্টাৰ পৰীক্ষা শেষ কৰি, হোষ্টলৰ পৰা ঘৰ যাও মানে ধান কাটি পথাৰো উদং হ'ব | আঘোণৰ পথাৰত বহি ৰবাব টেঙা খোৱাৰ আনন্দ কণৰ পৰাও বঞ্চিত হ'লো এইবাৰ | আৰু বা কিমান সুখ ত্যাগ কৰিব লাগে, ভৱিষ্যত নিৰ্মাণৰ স্বাৰ্থত | কাতি বিহু, লক্ষ্মী পূজাটো ঘৰৰ পৰা আঁতৰত থাকিব লগা হোৱাটো মোৰ বাবে কম দূখৰ কথা নহয় |মা, তুমি যে কৈছিলা, "কিবা এটা পাবলৈ হলে কিবা এটা হেৰুৱাব লাগিব", সেই কথাটোৱেই এতিয়া মোৰ বাবে সান্তনা স্বৰূপ | কিন্তু মা, এটা সময়ত বৰকৈ আনন্দ দিয়া ডাঙৰ হোৱা সপোনটোৱে আজি মোক নিৰৱে কন্দুৱাইছে .......|

#Quote  ডাঙৰ হোৱাৰ সপোনটোৱে এটা সময়ত বৰ আনন্দ দিছিল,কিন্তু আজি সেই বাস্তৱে নিৰৱে কন্দুৱাইছে মোক মা | বৰ খং উঠিছিল মা, তুমি যেতিয়া ৰাতিপুৱা ছয় বাজোতেই সাত বাজিল বুলি টোপনিৰ পৰা জগাই দিছিলা | সঁচাকৈ কৈছো মা, বৰ খং উঠিছিল তোমাৰ " অমুকৰ জীয়েক পুতেকৰ " উদাহৰণ দিয়া dialogue টো শুনি শুনি | কিন্তু এতিয়া সেই dialogue শুনিবলৈকে ব্যাকুল হৈ থাকো | টোপনিৰ পৰা সাৰ নোপোৱাৰ বাবে যেতিয়া কেতিয়াবা ফাৰ্ষ্ট ক্লাছ গৈ নাপাও , তেতিয়া উপলব্ধি কৰো তোমাৰ পৰা আঁতৰত থকাৰ দূখ | ৰাতিপুৱা তোমাৰ দহ - বাৰটা Missed call  য়েও কাম নিদিয়ে, মোবাইলটো silent কৰি ৰখাৰ বৰ বেয়া অভ্যাস এটা হ'ল যে মোৰ | কলেজ কেন্টিনত কিবা এটা খাই পেটৰ ভোকটো ঠিকেই যায়, মনটোৱে কিন্তু তোমাৰ হাতৰ টিফিনটোহে বিচাৰে | তোমাৰ হাতৰ মেগি খিনিৰ যিমান সোৱাদ, এতিয়া সেই সোৱাদ zomato ৰ চিকেন চাওমিন খিনিটো নাপাও | বন্ধ আহিলে আগতেও ভাল পাইছিলো, এতিয়াও পাও, পাৰ্থক্য মাথো ইয়াতেই যে আগতে ঘৰৰ পৰা বাহিৰত ফুৰিবলৈ যাব পাৰিছিলো, আৰু এতিয়া হোষ্টেলৰ পৰা ঘৰলৈ যাবলৈ পাওঁ | তোমালৈ, ঘৰ খনলৈ মনত পৰি, দুপৰ নিশা আন্ধাৰত নিৰৱে চকুপানী বাগৰে | সকলোকে দেখুৱাইটো কান্দিবও নোৱাৰো,  এতিয়া যে মই ডাঙৰ হ'লো | বৰকৈ উপলব্ধি কৰিছো এতিয়া, ডাঙৰ হোৱাৰ সপোনটো যিমান মিঠা আছিল, তাতকৈ হাজাৰ গুণ তিতা এই বাস্তৱ | দেওবাৰৰ দিনটোলৈ আজিকালি ভয়হে লগা হৈছে, আগতে কেতিয়াও কৰি নোপোৱা কামবোৰো নিজে কৰিব লাগে যে | তাৰ মাজতে আকৌ পঢ়া - শুনাও কৰিব লাগে, আগতেটো, তোমাৰ গালি নুশুনাকৈ পঢ়া টেবুললৈ যোৱাৰ কথা মনতে নপৰে | সময়বোৰ যে কেনেকৈ পাৰ হৈ গৈছে নহয়নে? গাঁও খন চাগে এতিয়া সোণোৱালী হৈ আছে ! চেমিষ্টাৰ পৰীক্ষা শেষ কৰি, হোষ্টলৰ পৰা ঘৰ যাও মানে ধান কাটি পথাৰো উদং হ'ব | আঘোণৰ পথাৰত বহি ৰবাব টেঙা খোৱাৰ আনন্দ কণৰ পৰাও বঞ্চিত হ'লো এইবাৰ | আৰু বা কিমান সুখ ত্যাগ কৰিব লাগে, ভৱিষ্যত নিৰ্মাণৰ স্বাৰ্থত | কাতি বিহু, লক্ষ্মী পূজাটো ঘৰৰ পৰা আঁতৰত থাকিব লগা হোৱাটো মোৰ বাবে কম দূখৰ কথা নহয় |মা, তুমি যে কৈছিলা, "কিবা এটা পাবলৈ হলে কিবা এটা হেৰুৱাব লাগিব", সেই কথাটোৱেই এতিয়া মোৰ বাবে সান্তনা স্বৰূপ | কিন্তু মা, এটা সময়ত বৰকৈ আনন্দ দিয়া ডাঙৰ হোৱা সপোনটোৱে আজি মোক নিৰৱে কন্দুৱাইছে .......|

ডাঙৰ হোৱাৰ সপোনটোৱে এটা সময়ত বৰ আনন্দ দিছিল,কিন্তু আজি সেই বাস্তৱে নিৰৱে কন্দুৱাইছে মোক মা | বৰ খং উঠিছিল মা, তুমি যেতিয়া ৰাতিপুৱা ছয় বাজোতেই সাত বাজিল বুলি টোপনিৰ পৰা জগাই দিছিলা | সঁচাকৈ কৈছো মা, বৰ খং উঠিছিল তোমাৰ " অমুকৰ জীয়েক পুতেকৰ " উদাহৰণ দিয়া dialogue টো শুনি শুনি | কিন্তু এতিয়া সেই dialogue শুনিবলৈকে ব্যাকুল হৈ থাকো | টোপনিৰ পৰা সাৰ নোপোৱাৰ বাবে যেতিয়া কেতিয়াবা ফাৰ্ষ্ট ক্লাছ গৈ নাপাও , তেতিয়া উপলব্ধি কৰো তোমাৰ পৰা আঁতৰত থকাৰ দূখ | ৰাতিপুৱা তোমাৰ দহ - বাৰটা Missed call য়েও কাম নিদিয়ে, মোবাইলটো silent কৰি ৰখাৰ বৰ বেয়া অভ্যাস এটা হ'ল যে মোৰ | কলেজ কেন্টিনত কিবা এটা খাই পেটৰ ভোকটো ঠিকেই যায়, মনটোৱে কিন্তু তোমাৰ হাতৰ টিফিনটোহে বিচাৰে | তোমাৰ হাতৰ মেগি খিনিৰ যিমান সোৱাদ, এতিয়া সেই সোৱাদ zomato ৰ চিকেন চাওমিন খিনিটো নাপাও | বন্ধ আহিলে আগতেও ভাল পাইছিলো, এতিয়াও পাও, পাৰ্থক্য মাথো ইয়াতেই যে আগতে ঘৰৰ পৰা বাহিৰত ফুৰিবলৈ যাব পাৰিছিলো, আৰু এতিয়া হোষ্টেলৰ পৰা ঘৰলৈ যাবলৈ পাওঁ | তোমালৈ, ঘৰ খনলৈ মনত পৰি, দুপৰ নিশা আন্ধাৰত নিৰৱে চকুপানী বাগৰে | সকলোকে দেখুৱাইটো কান্দিবও নোৱাৰো, এতিয়া যে মই ডাঙৰ হ'লো | বৰকৈ উপলব্ধি কৰিছো এতিয়া, ডাঙৰ হোৱাৰ সপোনটো যিমান মিঠা আছিল, তাতকৈ হাজাৰ গুণ তিতা এই বাস্তৱ | দেওবাৰৰ দিনটোলৈ আজিকালি ভয়হে লগা হৈছে, আগতে কেতিয়াও কৰি নোপোৱা কামবোৰো নিজে কৰিব লাগে যে | তাৰ মাজতে আকৌ পঢ়া - শুনাও কৰিব লাগে, আগতেটো, তোমাৰ গালি নুশুনাকৈ পঢ়া টেবুললৈ যোৱাৰ কথা মনতে নপৰে | সময়বোৰ যে কেনেকৈ পাৰ হৈ গৈছে নহয়নে? গাঁও খন চাগে এতিয়া সোণোৱালী হৈ আছে ! চেমিষ্টাৰ পৰীক্ষা শেষ কৰি, হোষ্টলৰ পৰা ঘৰ যাও মানে ধান কাটি পথাৰো উদং হ'ব | আঘোণৰ পথাৰত বহি ৰবাব টেঙা খোৱাৰ আনন্দ কণৰ পৰাও বঞ্চিত হ'লো এইবাৰ | আৰু বা কিমান সুখ ত্যাগ কৰিব লাগে, ভৱিষ্যত নিৰ্মাণৰ স্বাৰ্থত | কাতি বিহু, লক্ষ্মী পূজাটো ঘৰৰ পৰা আঁতৰত থাকিব লগা হোৱাটো মোৰ বাবে কম দূখৰ কথা নহয় |মা, তুমি যে কৈছিলা, "কিবা এটা পাবলৈ হলে কিবা এটা হেৰুৱাব লাগিব", সেই কথাটোৱেই এতিয়া মোৰ বাবে সান্তনা স্বৰূপ | কিন্তু মা, এটা সময়ত বৰকৈ আনন্দ দিয়া ডাঙৰ হোৱা সপোনটোৱে আজি মোক নিৰৱে কন্দুৱাইছে .......|

0 Love

ডাঙৰ হোৱাৰ সপোনটোৱে এটা সময়ত বৰ আনন্দ দিছিল,কিন্তু আজি সেই বাস্তৱে নিৰৱে কন্দুৱাইছে মোক মা | বৰ খং উঠিছিল মা, তুমি যেতিয়া ৰাতিপুৱা ছয় বাজোতেই সাত বাজিল বুলি টোপনিৰ পৰা জগাই দিছিলা | সঁচাকৈ কৈছো মা, বৰ খং উঠিছিল তোমাৰ " অমুকৰ জীয়েক পুতেকৰ " উদাহৰণ দিয়া dialogue টো শুনি শুনি | কিন্তু এতিয়া সেই dialogue শুনিবলৈকে ব্যাকুল হৈ থাকো | টোপনিৰ পৰা সাৰ নোপোৱাৰ বাবে যেতিয়া কেতিয়াবা ফাৰ্ষ্ট ক্লাছ গৈ নাপাও , তেতিয়া উপলব্ধি কৰো তোমাৰ পৰা আঁতৰত থকাৰ দূখ | ৰাতিপুৱা তোমাৰ দহ - বাৰটা Missed call য়েও কাম নিদিয়ে, মোবাইলটো silent কৰি ৰখাৰ বৰ বেয়া অভ্যাস এটা হ'ল যে মোৰ | কলেজ কেন্টিনত কিবা এটা খাই পেটৰ ভোকটো ঠিকেই যায়, মনটোৱে কিন্তু তোমাৰ হাতৰ টিফিনটোহে বিচাৰে | তোমাৰ হাতৰ মেগি খিনিৰ যিমান সোৱাদ, এতিয়া সেই সোৱাদ zomato ৰ চিকেন চাওমিন খিনিটো নাপাও | বন্ধ আহিলে আগতেও ভাল পাইছিলো, এতিয়াও পাও, পাৰ্থক্য মাথো ইয়াতেই যে আগতে ঘৰৰ পৰা বাহিৰত ফুৰিবলৈ যাব পাৰিছিলো, আৰু এতিয়া হোষ্টেলৰ পৰা ঘৰলৈ যাবলৈ পাওঁ | তোমালৈ, ঘৰ খনলৈ মনত পৰি, দুপৰ নিশা আন্ধাৰত নিৰৱে চকুপানী বাগৰে | সকলোকে দেখুৱাইটো কান্দিবও নোৱাৰো, এতিয়া যে মই ডাঙৰ হ'লো | বৰকৈ উপলব্ধি কৰিছো এতিয়া, ডাঙৰ হোৱাৰ সপোনটো যিমান মিঠা আছিল, তাতকৈ হাজাৰ গুণ তিতা এই বাস্তৱ | দেওবাৰৰ দিনটোলৈ আজিকালি ভয়হে লগা হৈছে, আগতে কেতিয়াও কৰি নোপোৱা কামবোৰো নিজে কৰিব লাগে যে | তাৰ মাজতে আকৌ পঢ়া - শুনাও কৰিব লাগে, আগতেটো, তোমাৰ গালি নুশুনাকৈ পঢ়া টেবুললৈ যোৱাৰ কথা মনতে নপৰে | সময়বোৰ যে কেনেকৈ পাৰ হৈ গৈছে নহয়নে? গাঁও খন চাগে এতিয়া সোণোৱালী হৈ আছে ! চেমিষ্টাৰ পৰীক্ষা শেষ কৰি, হোষ্টলৰ পৰা ঘৰ যাও মানে ধান কাটি পথাৰো উদং হ'ব | আঘোণৰ পথাৰত বহি ৰবাব টেঙা খোৱাৰ আনন্দ কণৰ পৰাও বঞ্চিত হ'লো এইবাৰ | আৰু বা কিমান সুখ ত্যাগ কৰিব লাগে, ভৱিষ্যত নিৰ্মাণৰ স্বাৰ্থত | কাতি বিহু, লক্ষ্মী পূজাটো ঘৰৰ পৰা আঁতৰত থাকিব লগা হোৱাটো মোৰ বাবে কম দূখৰ কথা নহয় |মা, তুমি যে কৈছিলা, "কিবা এটা পাবলৈ হলে কিবা এটা হেৰুৱাব লাগিব", সেই কথাটোৱেই এতিয়া মোৰ বাবে সান্তনা স্বৰূপ | কিন্তু মা, এটা সময়ত বৰকৈ আনন্দ দিয়া ডাঙৰ হোৱা সপোনটোৱে আজি মোক নিৰৱে কন্দুৱাইছে .......

#Quote  ডাঙৰ হোৱাৰ সপোনটোৱে এটা সময়ত বৰ আনন্দ দিছিল,কিন্তু আজি সেই বাস্তৱে নিৰৱে কন্দুৱাইছে মোক মা | বৰ খং উঠিছিল মা, তুমি যেতিয়া ৰাতিপুৱা ছয় বাজোতেই সাত বাজিল বুলি টোপনিৰ পৰা জগাই দিছিলা | সঁচাকৈ কৈছো মা, বৰ খং উঠিছিল তোমাৰ " অমুকৰ জীয়েক পুতেকৰ " উদাহৰণ দিয়া dialogue টো শুনি শুনি | কিন্তু এতিয়া সেই dialogue শুনিবলৈকে ব্যাকুল হৈ থাকো | টোপনিৰ পৰা সাৰ নোপোৱাৰ বাবে যেতিয়া কেতিয়াবা ফাৰ্ষ্ট ক্লাছ গৈ নাপাও , তেতিয়া উপলব্ধি কৰো তোমাৰ পৰা আঁতৰত থকাৰ দূখ | ৰাতিপুৱা তোমাৰ দহ - বাৰটা Missed call  য়েও কাম নিদিয়ে, মোবাইলটো silent কৰি ৰখাৰ বৰ বেয়া অভ্যাস এটা হ'ল যে মোৰ | কলেজ কেন্টিনত কিবা এটা খাই পেটৰ ভোকটো ঠিকেই যায়, মনটোৱে কিন্তু তোমাৰ হাতৰ টিফিনটোহে বিচাৰে | তোমাৰ হাতৰ মেগি খিনিৰ যিমান সোৱাদ, এতিয়া সেই সোৱাদ zomato ৰ চিকেন চাওমিন খিনিটো নাপাও | বন্ধ আহিলে আগতেও ভাল পাইছিলো, এতিয়াও পাও, পাৰ্থক্য মাথো ইয়াতেই যে আগতে ঘৰৰ পৰা বাহিৰত ফুৰিবলৈ যাব পাৰিছিলো, আৰু এতিয়া হোষ্টেলৰ পৰা ঘৰলৈ যাবলৈ পাওঁ | তোমালৈ, ঘৰ খনলৈ মনত পৰি, দুপৰ নিশা আন্ধাৰত নিৰৱে চকুপানী বাগৰে | সকলোকে দেখুৱাইটো কান্দিবও নোৱাৰো,  এতিয়া যে মই ডাঙৰ হ'লো | বৰকৈ উপলব্ধি কৰিছো এতিয়া, ডাঙৰ হোৱাৰ সপোনটো যিমান মিঠা আছিল, তাতকৈ হাজাৰ গুণ তিতা এই বাস্তৱ | দেওবাৰৰ দিনটোলৈ আজিকালি ভয়হে লগা হৈছে, আগতে কেতিয়াও কৰি নোপোৱা কামবোৰো নিজে কৰিব লাগে যে | তাৰ মাজতে আকৌ পঢ়া - শুনাও কৰিব লাগে, আগতেটো, তোমাৰ গালি নুশুনাকৈ পঢ়া টেবুললৈ যোৱাৰ কথা মনতে নপৰে | সময়বোৰ যে কেনেকৈ পাৰ হৈ গৈছে নহয়নে? গাঁও খন চাগে এতিয়া সোণোৱালী হৈ আছে ! চেমিষ্টাৰ পৰীক্ষা শেষ কৰি, হোষ্টলৰ পৰা ঘৰ যাও মানে ধান কাটি পথাৰো উদং হ'ব | আঘোণৰ পথাৰত বহি ৰবাব টেঙা খোৱাৰ আনন্দ কণৰ পৰাও বঞ্চিত হ'লো এইবাৰ | আৰু বা কিমান সুখ ত্যাগ কৰিব লাগে, ভৱিষ্যত নিৰ্মাণৰ স্বাৰ্থত | কাতি বিহু, লক্ষ্মী পূজাটো ঘৰৰ পৰা আঁতৰত থাকিব লগা হোৱাটো মোৰ বাবে কম দূখৰ কথা নহয় |মা, তুমি যে কৈছিলা, "কিবা এটা পাবলৈ হলে কিবা এটা হেৰুৱাব লাগিব", সেই কথাটোৱেই এতিয়া মোৰ বাবে সান্তনা স্বৰূপ | কিন্তু মা, এটা সময়ত বৰকৈ আনন্দ দিয়া ডাঙৰ হোৱা সপোনটোৱে আজি মোক নিৰৱে কন্দুৱাইছে .......

Trending Topic