মৰমৰ, প্ৰিয়তম কেনে আছা তুমি? আশা কৰো, তুমি কুশলে

"মৰমৰ, প্ৰিয়তম কেনে আছা তুমি? আশা কৰো, তুমি কুশলেই আছা |তোমাৰ সুখৰ পঁজাত শান্তিৰ চৰাইজনীয়ে অহৰহ কল্লোলিত কৰি ৰাখক, মনে প্ৰাণে তাকেই কামনা কৰো | মাঘমহীয়া কোমল ৰ'দজাকৰ কোলাত বহি আজি মেলি লৈছো মোৰ প্ৰেম ডায়েৰীখন, মনৰ কথাবোৰ তোমাক প্ৰকাশ কৰো বুলি | তোমাৰ অচিনাকী ঠিকনাত এইখন মোৰ প্ৰথম প্ৰেমপত্ৰ | নাজানো, তোমাৰ অচিনাকী ঠিকনাত ডাকোৱালে চিঠিখন দিব পাৰিবনে নাই | তথাপিও এটা ক্ষীণ আশা লৈ, ডায়েৰীৰ উকা পৃষ্ঠাত নীলা চিয়াঁহীৰে প্ৰথম প্ৰেমৰ শব্দ বুলাইছো | নাজানো, মোৰ কথাই তোমাৰ হৃদয় স্পৰ্শ কৰিব পাৰে নে নাই, বুকুৰ ভিতৰত চলি থকা আবেগৰ ঢলজাকো তোমাৰ দৃষ্টিগোচৰ হয় নে নহয় নাজানো | আশা কৰো, তোমাৰ নামেৰে উন্মাদ, উন্মনা হোৱা মোৰ হৃদয়ৰ ভাষা তুমি বুজিবলৈ চেষ্টা কৰিবা | এনেকুৱা এটা মায়াসনা শীতৰ দুপৰীয়া, বসন্তৰ বতৰা লৈ তুমি আহিছিলা মোৰ জীৱনলৈ | অন্ধকাৰ গহ্বৰত সোমাই থকা মোৰ জীৱনটোত জোনাক সিঁচিবলৈ | তোমাৰ লগত কথা পতাৰ পৰাই মোৰ জীৱনত নতুনকৈ কুঁহিপাত মেলিছে | তোমাৰ মৰম পৰশত মোৰ সপোনবোৰে পাহি মেলিছে |তোমাৰ ভাবনাই মোৰ দুচকুৰ নিদ্ৰা হৰণ কৰি, কল্পনাৰ পৰিসৰ বৃদ্ধি কৰিছে | নিশাৰ নিস্তব্ধতাত তোমাৰ কাল্পনিক অস্তিত্বই মোৰ সত্ত্বাক শিহঁৰিত কৰিছে | ভাল লগা হৈ আহিছে তোমাৰ সান্নিধ্য, তোমাৰ সৰু সৰু আদৰবোৰ ,তোমাৰ সৰু সৰু ধেমালিবোৰ | এটা কথা কি জানা, তোমাক হেৰুৱাও বুলি আজিকালি মোৰ বৰ ভয় হ'বলৈ ধৰিছে | ক'ৰবাত শুনিছিলো য'ত হেনো হেৰুৱাৰ ভয় থাকে তাতেই প্ৰেম থাকে | নজনাকৈয়ে ময়ো তোমাৰ প্ৰেমত পৰিলো পংকজ দা | হেঁপাহৰ কেনভাচত সংগোপনে তোমাৰ ছবি আকিছো |বুকুত তুমি ৰুই দিয়া প্ৰেমৰ ৰক্তগোলাপ জোপা সযতনৰে ডাঙৰ কৰিছো, তোমাৰ নামেৰেই | কৃষ্ণচূড়াৰ দেশত হাতে হাত ধৰি ভৱিষ্যতলৈ বাট বুলোৱাৰ সপোন ৰচিছো | শেষত জনম জনমলৈ তোমাক ভালপোৱাৰ প্ৰতিশ্ৰুতিৰে তোমাৰ উত্তৰৰ অপেক্ষাত, ইতি, তোমাৰ আজন্ম প্ৰেমিকা নীলাঞ্জনা"

 মৰমৰ, 
প্ৰিয়তম 
কেনে আছা তুমি? আশা কৰো, তুমি কুশলেই আছা |তোমাৰ সুখৰ পঁজাত শান্তিৰ চৰাইজনীয়ে অহৰহ কল্লোলিত কৰি ৰাখক, মনে প্ৰাণে তাকেই কামনা কৰো |
 
মাঘমহীয়া কোমল ৰ'দজাকৰ কোলাত বহি আজি মেলি লৈছো মোৰ প্ৰেম ডায়েৰীখন, মনৰ কথাবোৰ তোমাক প্ৰকাশ কৰো বুলি | তোমাৰ অচিনাকী ঠিকনাত এইখন মোৰ প্ৰথম  প্ৰেমপত্ৰ | নাজানো, তোমাৰ অচিনাকী ঠিকনাত ডাকোৱালে চিঠিখন দিব পাৰিবনে নাই | তথাপিও এটা ক্ষীণ আশা লৈ, ডায়েৰীৰ উকা পৃষ্ঠাত নীলা চিয়াঁহীৰে প্ৰথম প্ৰেমৰ শব্দ বুলাইছো | নাজানো, মোৰ কথাই তোমাৰ হৃদয় স্পৰ্শ কৰিব পাৰে নে নাই, বুকুৰ ভিতৰত চলি থকা আবেগৰ ঢলজাকো তোমাৰ দৃষ্টিগোচৰ হয় নে নহয় নাজানো | আশা কৰো, তোমাৰ নামেৰে উন্মাদ, উন্মনা হোৱা মোৰ হৃদয়ৰ ভাষা তুমি বুজিবলৈ চেষ্টা কৰিবা |
এনেকুৱা এটা মায়াসনা শীতৰ দুপৰীয়া, বসন্তৰ বতৰা লৈ তুমি আহিছিলা মোৰ জীৱনলৈ | অন্ধকাৰ গহ্বৰত সোমাই থকা মোৰ জীৱনটোত জোনাক সিঁচিবলৈ | তোমাৰ লগত কথা পতাৰ পৰাই মোৰ জীৱনত  নতুনকৈ কুঁহিপাত মেলিছে | তোমাৰ মৰম পৰশত মোৰ সপোনবোৰে পাহি মেলিছে |তোমাৰ ভাবনাই মোৰ দুচকুৰ নিদ্ৰা হৰণ কৰি, কল্পনাৰ পৰিসৰ বৃদ্ধি কৰিছে | নিশাৰ নিস্তব্ধতাত তোমাৰ কাল্পনিক অস্তিত্বই মোৰ সত্ত্বাক শিহঁৰিত কৰিছে | ভাল লগা হৈ আহিছে তোমাৰ সান্নিধ্য, তোমাৰ সৰু সৰু আদৰবোৰ ,তোমাৰ সৰু সৰু ধেমালিবোৰ | এটা কথা কি জানা, তোমাক হেৰুৱাও বুলি আজিকালি মোৰ বৰ ভয় হ'বলৈ ধৰিছে | ক'ৰবাত শুনিছিলো য'ত হেনো হেৰুৱাৰ ভয় থাকে তাতেই প্ৰেম থাকে | নজনাকৈয়ে ময়ো তোমাৰ প্ৰেমত পৰিলো পংকজ দা | হেঁপাহৰ কেনভাচত সংগোপনে তোমাৰ ছবি আকিছো |বুকুত তুমি ৰুই দিয়া প্ৰেমৰ ৰক্তগোলাপ জোপা সযতনৰে ডাঙৰ কৰিছো, তোমাৰ নামেৰেই | কৃষ্ণচূড়াৰ দেশত হাতে হাত ধৰি ভৱিষ্যতলৈ বাট বুলোৱাৰ সপোন ৰচিছো | শেষত জনম জনমলৈ তোমাক ভালপোৱাৰ প্ৰতিশ্ৰুতিৰে তোমাৰ উত্তৰৰ অপেক্ষাত, 

ইতি, 
তোমাৰ আজন্ম প্ৰেমিকা 
নীলাঞ্জনা

মৰমৰ, প্ৰিয়তম কেনে আছা তুমি? আশা কৰো, তুমি কুশলেই আছা |তোমাৰ সুখৰ পঁজাত শান্তিৰ চৰাইজনীয়ে অহৰহ কল্লোলিত কৰি ৰাখক, মনে প্ৰাণে তাকেই কামনা কৰো | মাঘমহীয়া কোমল ৰ'দজাকৰ কোলাত বহি আজি মেলি লৈছো মোৰ প্ৰেম ডায়েৰীখন, মনৰ কথাবোৰ তোমাক প্ৰকাশ কৰো বুলি | তোমাৰ অচিনাকী ঠিকনাত এইখন মোৰ প্ৰথম প্ৰেমপত্ৰ | নাজানো, তোমাৰ অচিনাকী ঠিকনাত ডাকোৱালে চিঠিখন দিব পাৰিবনে নাই | তথাপিও এটা ক্ষীণ আশা লৈ, ডায়েৰীৰ উকা পৃষ্ঠাত নীলা চিয়াঁহীৰে প্ৰথম প্ৰেমৰ শব্দ বুলাইছো | নাজানো, মোৰ কথাই তোমাৰ হৃদয় স্পৰ্শ কৰিব পাৰে নে নাই, বুকুৰ ভিতৰত চলি থকা আবেগৰ ঢলজাকো তোমাৰ দৃষ্টিগোচৰ হয় নে নহয় নাজানো | আশা কৰো, তোমাৰ নামেৰে উন্মাদ, উন্মনা হোৱা মোৰ হৃদয়ৰ ভাষা তুমি বুজিবলৈ চেষ্টা কৰিবা | এনেকুৱা এটা মায়াসনা শীতৰ দুপৰীয়া, বসন্তৰ বতৰা লৈ তুমি আহিছিলা মোৰ জীৱনলৈ | অন্ধকাৰ গহ্বৰত সোমাই থকা মোৰ জীৱনটোত জোনাক সিঁচিবলৈ | তোমাৰ লগত কথা পতাৰ পৰাই মোৰ জীৱনত নতুনকৈ কুঁহিপাত মেলিছে | তোমাৰ মৰম পৰশত মোৰ সপোনবোৰে পাহি মেলিছে |তোমাৰ ভাবনাই মোৰ দুচকুৰ নিদ্ৰা হৰণ কৰি, কল্পনাৰ পৰিসৰ বৃদ্ধি কৰিছে | নিশাৰ নিস্তব্ধতাত তোমাৰ কাল্পনিক অস্তিত্বই মোৰ সত্ত্বাক শিহঁৰিত কৰিছে | ভাল লগা হৈ আহিছে তোমাৰ সান্নিধ্য, তোমাৰ সৰু সৰু আদৰবোৰ ,তোমাৰ সৰু সৰু ধেমালিবোৰ | এটা কথা কি জানা, তোমাক হেৰুৱাও বুলি আজিকালি মোৰ বৰ ভয় হ'বলৈ ধৰিছে | ক'ৰবাত শুনিছিলো য'ত হেনো হেৰুৱাৰ ভয় থাকে তাতেই প্ৰেম থাকে | নজনাকৈয়ে ময়ো তোমাৰ প্ৰেমত পৰিলো পংকজ দা | হেঁপাহৰ কেনভাচত সংগোপনে তোমাৰ ছবি আকিছো |বুকুত তুমি ৰুই দিয়া প্ৰেমৰ ৰক্তগোলাপ জোপা সযতনৰে ডাঙৰ কৰিছো, তোমাৰ নামেৰেই | কৃষ্ণচূড়াৰ দেশত হাতে হাত ধৰি ভৱিষ্যতলৈ বাট বুলোৱাৰ সপোন ৰচিছো | শেষত জনম জনমলৈ তোমাক ভালপোৱাৰ প্ৰতিশ্ৰুতিৰে তোমাৰ উত্তৰৰ অপেক্ষাত, ইতি, তোমাৰ আজন্ম প্ৰেমিকা নীলাঞ্জনা

People who shared love close

More like this

Trending Topic