ডাঙৰ হোৱাৰ সপোনটোৱে এটা সময়ত বৰ আনন্দ দিছিল,কিন্তু

"ডাঙৰ হোৱাৰ সপোনটোৱে এটা সময়ত বৰ আনন্দ দিছিল,কিন্তু আজি সেই বাস্তৱে নিৰৱে কন্দুৱাইছে মোক মা | বৰ খং উঠিছিল মা, তুমি যেতিয়া ৰাতিপুৱা ছয় বাজোতেই সাত বাজিল বুলি টোপনিৰ পৰা জগাই দিছিলা | সঁচাকৈ কৈছো মা, বৰ খং উঠিছিল তোমাৰ " অমুকৰ জীয়েক পুতেকৰ " উদাহৰণ দিয়া dialogue টো শুনি শুনি | কিন্তু এতিয়া সেই dialogue শুনিবলৈকে ব্যাকুল হৈ থাকো | টোপনিৰ পৰা সাৰ নোপোৱাৰ বাবে যেতিয়া কেতিয়াবা ফাৰ্ষ্ট ক্লাছ গৈ নাপাও , তেতিয়া উপলব্ধি কৰো তোমাৰ পৰা আঁতৰত থকাৰ দূখ | ৰাতিপুৱা তোমাৰ দহ - বাৰটা Missed call য়েও কাম নিদিয়ে, মোবাইলটো silent কৰি ৰখাৰ বৰ বেয়া অভ্যাস এটা হ'ল যে মোৰ | কলেজ কেন্টিনত কিবা এটা খাই পেটৰ ভোকটো ঠিকেই যায়, মনটোৱে কিন্তু তোমাৰ হাতৰ টিফিনটোহে বিচাৰে | তোমাৰ হাতৰ মেগি খিনিৰ যিমান সোৱাদ, এতিয়া সেই সোৱাদ zomato ৰ চিকেন চাওমিন খিনিটো নাপাও | বন্ধ আহিলে আগতেও ভাল পাইছিলো, এতিয়াও পাও, পাৰ্থক্য মাথো ইয়াতেই যে আগতে ঘৰৰ পৰা বাহিৰত ফুৰিবলৈ যাব পাৰিছিলো, আৰু এতিয়া হোষ্টেলৰ পৰা ঘৰলৈ যাবলৈ পাওঁ | তোমালৈ, ঘৰ খনলৈ মনত পৰি, দুপৰ নিশা আন্ধাৰত নিৰৱে চকুপানী বাগৰে | সকলোকে দেখুৱাইটো কান্দিবও নোৱাৰো, এতিয়া যে মই ডাঙৰ হ'লো | বৰকৈ উপলব্ধি কৰিছো এতিয়া, ডাঙৰ হোৱাৰ সপোনটো যিমান মিঠা আছিল, তাতকৈ হাজাৰ গুণ তিতা এই বাস্তৱ | দেওবাৰৰ দিনটোলৈ আজিকালি ভয়হে লগা হৈছে, আগতে কেতিয়াও কৰি নোপোৱা কামবোৰো নিজে কৰিব লাগে যে | তাৰ মাজতে আকৌ পঢ়া - শুনাও কৰিব লাগে, আগতেটো, তোমাৰ গালি নুশুনাকৈ পঢ়া টেবুললৈ যোৱাৰ কথা মনতে নপৰে | সময়বোৰ যে কেনেকৈ পাৰ হৈ গৈছে নহয়নে? গাঁও খন চাগে এতিয়া সোণোৱালী হৈ আছে ! চেমিষ্টাৰ পৰীক্ষা শেষ কৰি, হোষ্টলৰ পৰা ঘৰ যাও মানে ধান কাটি পথাৰো উদং হ'ব | আঘোণৰ পথাৰত বহি ৰবাব টেঙা খোৱাৰ আনন্দ কণৰ পৰাও বঞ্চিত হ'লো এইবাৰ | আৰু বা কিমান সুখ ত্যাগ কৰিব লাগে, ভৱিষ্যত নিৰ্মাণৰ স্বাৰ্থত | কাতি বিহু, লক্ষ্মী পূজাটো ঘৰৰ পৰা আঁতৰত থাকিব লগা হোৱাটো মোৰ বাবে কম দূখৰ কথা নহয় |মা, তুমি যে কৈছিলা, "কিবা এটা পাবলৈ হলে কিবা এটা হেৰুৱাব লাগিব", সেই কথাটোৱেই এতিয়া মোৰ বাবে সান্তনা স্বৰূপ | কিন্তু মা, এটা সময়ত বৰকৈ আনন্দ দিয়া ডাঙৰ হোৱা সপোনটোৱে আজি মোক নিৰৱে কন্দুৱাইছে .......|"

 ডাঙৰ হোৱাৰ সপোনটোৱে এটা সময়ত বৰ আনন্দ দিছিল,কিন্তু আজি সেই বাস্তৱে নিৰৱে কন্দুৱাইছে মোক মা | বৰ খং উঠিছিল মা, তুমি যেতিয়া ৰাতিপুৱা ছয় বাজোতেই সাত বাজিল বুলি টোপনিৰ পৰা জগাই দিছিলা | সঁচাকৈ কৈছো মা, বৰ খং উঠিছিল তোমাৰ " অমুকৰ জীয়েক পুতেকৰ " উদাহৰণ দিয়া dialogue টো শুনি শুনি | কিন্তু এতিয়া সেই dialogue শুনিবলৈকে ব্যাকুল হৈ থাকো | টোপনিৰ পৰা সাৰ নোপোৱাৰ বাবে যেতিয়া কেতিয়াবা ফাৰ্ষ্ট ক্লাছ গৈ নাপাও , তেতিয়া উপলব্ধি কৰো তোমাৰ পৰা আঁতৰত থকাৰ দূখ | ৰাতিপুৱা তোমাৰ দহ - বাৰটা Missed call  য়েও কাম নিদিয়ে, মোবাইলটো silent কৰি ৰখাৰ বৰ বেয়া অভ্যাস এটা হ'ল যে মোৰ | কলেজ কেন্টিনত কিবা এটা খাই পেটৰ ভোকটো ঠিকেই যায়, মনটোৱে কিন্তু তোমাৰ হাতৰ টিফিনটোহে বিচাৰে | তোমাৰ হাতৰ মেগি খিনিৰ যিমান সোৱাদ, এতিয়া সেই সোৱাদ zomato ৰ চিকেন চাওমিন খিনিটো নাপাও | বন্ধ আহিলে আগতেও ভাল পাইছিলো, এতিয়াও পাও, পাৰ্থক্য মাথো ইয়াতেই যে আগতে ঘৰৰ পৰা বাহিৰত ফুৰিবলৈ যাব পাৰিছিলো, আৰু এতিয়া হোষ্টেলৰ পৰা ঘৰলৈ যাবলৈ পাওঁ | তোমালৈ, ঘৰ খনলৈ মনত পৰি, দুপৰ নিশা আন্ধাৰত নিৰৱে চকুপানী বাগৰে | সকলোকে দেখুৱাইটো কান্দিবও নোৱাৰো,  এতিয়া যে মই ডাঙৰ হ'লো | বৰকৈ উপলব্ধি কৰিছো এতিয়া, ডাঙৰ হোৱাৰ সপোনটো যিমান মিঠা আছিল, তাতকৈ হাজাৰ গুণ তিতা এই বাস্তৱ | দেওবাৰৰ দিনটোলৈ আজিকালি ভয়হে লগা হৈছে, আগতে কেতিয়াও কৰি নোপোৱা কামবোৰো নিজে কৰিব লাগে যে | তাৰ মাজতে আকৌ পঢ়া - শুনাও কৰিব লাগে, আগতেটো, তোমাৰ গালি নুশুনাকৈ পঢ়া টেবুললৈ যোৱাৰ কথা মনতে নপৰে | সময়বোৰ যে কেনেকৈ পাৰ হৈ গৈছে নহয়নে? গাঁও খন চাগে এতিয়া সোণোৱালী হৈ আছে ! চেমিষ্টাৰ পৰীক্ষা শেষ কৰি, হোষ্টলৰ পৰা ঘৰ যাও মানে ধান কাটি পথাৰো উদং হ'ব | আঘোণৰ পথাৰত বহি ৰবাব টেঙা খোৱাৰ আনন্দ কণৰ পৰাও বঞ্চিত হ'লো এইবাৰ | আৰু বা কিমান সুখ ত্যাগ কৰিব লাগে, ভৱিষ্যত নিৰ্মাণৰ স্বাৰ্থত | কাতি বিহু, লক্ষ্মী পূজাটো ঘৰৰ পৰা আঁতৰত থাকিব লগা হোৱাটো মোৰ বাবে কম দূখৰ কথা নহয় |মা, তুমি যে কৈছিলা, "কিবা এটা পাবলৈ হলে কিবা এটা হেৰুৱাব লাগিব", সেই কথাটোৱেই এতিয়া মোৰ বাবে সান্তনা স্বৰূপ | কিন্তু মা, এটা সময়ত বৰকৈ আনন্দ দিয়া ডাঙৰ হোৱা সপোনটোৱে আজি মোক নিৰৱে কন্দুৱাইছে .......|

People who shared love close

More like this

Trending Topic