#অসমীয়া "আমি অসমীয়া নহওঁ দুখীয়া " ----আচলতে কোন

"#অসমীয়া "আমি অসমীয়া নহওঁ দুখীয়া " ----আচলতে কোন এই অসমীয়া? অসমীয়াৰ সংজ্ঞা কি? এইটো এটা সততে উত্থাপিত হৈ থকা প্ৰশ্ন | কিন্তু মই ভাবো অসমীয়াৰ বাবে কোনো বিশেষ সংজ্ঞাৰ প্ৰয়োজন নাই | **ঢোলৰ গুমগুমনি শুনিলেই মুহূৰ্ততে যাৰ দেহ মন প্ৰাণৰ জঠৰতা ভাঙে, তেঁৱেই অসমীয়া ; সেয়া লাগিলে বিহুৰ পৰিৱেশ হওঁক বা নহওঁক | বিহু, বৰগীতেই হওঁক কিম্বা ঐনিতম, বাগৰুম্বায়েই হওঁক অথবা জিকিৰ, সকলোতে সমানে আত্মাহাৰা হোৱাজনেই অসমীয়া | **জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে শংকৰ আজান দুয়োজনাৰে গুণানুকীৰ্তন কৰা জন অসমীয়া | যিজনে শংকৰদেৱ আৰু আজান পীৰৰ সৃষ্টিৰাজিক গৌৰৱমন্দিতকৈ আৰু তেওঁলোকৰ ওপৰত ৰজা-ঘৰীয়াই কৰা অন্যায়ৰ কাহিনী ব্যথা লগাকৈ দাঙি ধৰিব পাৰে, তেওঁক হিন্দু বা মুছলমান নহয়, অসমীয়া বুলি কোৱা | ** দবা - শংখ ৰ ধ্বনিত দহ বাৰ ভগৱানক স্মৰণ কৰিও নামাজৰ শব্দ শুনি যিজন মৌন হৈ ৰয় তেওঁ অসমীয়া | ** লাচিতৰ মোমাই কটা কাহিনী কৈ গৌৰৱ কৰা জন অসমীয়া | জয়মতী , মূলাগাভৰু, কনকলতাৰ সাহস তথা ত্যাগৰ কাহিনী কৈ গৌৰৱ কৰা জনৰ পৰিচয়ো অসমীয়া | ** হাজাৰ চেষ্টা কৰিও যিসকলৰ মাজত, জাতি ধৰ্মৰ বিভাজন আনিব নোৱাৰি, তেওঁলোক অসমীয়া |জাতি - মাটি - ভেটি তথা ভাষাৰ সংকটৰ সময়ত একেলগে মাৰ বান্ধি থিয় দিয়া সকল অসমীয়া"

 #অসমীয়া 

"আমি অসমীয়া নহওঁ দুখীয়া "
----আচলতে কোন এই অসমীয়া? অসমীয়াৰ সংজ্ঞা কি? এইটো এটা সততে উত্থাপিত হৈ থকা প্ৰশ্ন |
কিন্তু মই ভাবো অসমীয়াৰ বাবে কোনো বিশেষ সংজ্ঞাৰ প্ৰয়োজন নাই |

**ঢোলৰ গুমগুমনি শুনিলেই মুহূৰ্ততে যাৰ দেহ মন প্ৰাণৰ জঠৰতা ভাঙে, তেঁৱেই অসমীয়া ; সেয়া লাগিলে বিহুৰ পৰিৱেশ হওঁক বা নহওঁক | বিহু, বৰগীতেই হওঁক কিম্বা ঐনিতম, বাগৰুম্বায়েই হওঁক অথবা জিকিৰ, সকলোতে সমানে আত্মাহাৰা হোৱাজনেই অসমীয়া |

**জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে শংকৰ আজান দুয়োজনাৰে গুণানুকীৰ্তন কৰা জন অসমীয়া | যিজনে শংকৰদেৱ আৰু আজান পীৰৰ সৃষ্টিৰাজিক গৌৰৱমন্দিতকৈ আৰু তেওঁলোকৰ ওপৰত ৰজা-ঘৰীয়াই কৰা অন্যায়ৰ কাহিনী ব্যথা লগাকৈ দাঙি ধৰিব পাৰে, তেওঁক হিন্দু বা মুছলমান নহয়, অসমীয়া বুলি কোৱা |

** দবা - শংখ ৰ ধ্বনিত দহ বাৰ ভগৱানক স্মৰণ কৰিও নামাজৰ শব্দ শুনি যিজন মৌন হৈ ৰয় তেওঁ অসমীয়া |

** লাচিতৰ মোমাই কটা কাহিনী কৈ গৌৰৱ কৰা জন অসমীয়া | জয়মতী , মূলাগাভৰু, কনকলতাৰ সাহস তথা ত্যাগৰ কাহিনী কৈ গৌৰৱ কৰা জনৰ পৰিচয়ো অসমীয়া |

** হাজাৰ চেষ্টা কৰিও যিসকলৰ মাজত, জাতি ধৰ্মৰ বিভাজন আনিব নোৱাৰি, তেওঁলোক অসমীয়া |জাতি - মাটি - ভেটি তথা ভাষাৰ সংকটৰ সময়ত একেলগে মাৰ বান্ধি থিয় দিয়া সকল অসমীয়া

#অসমীয়া "আমি অসমীয়া নহওঁ দুখীয়া " ----আচলতে কোন এই অসমীয়া? অসমীয়াৰ সংজ্ঞা কি? এইটো এটা সততে উত্থাপিত হৈ থকা প্ৰশ্ন | কিন্তু মই ভাবো অসমীয়াৰ বাবে কোনো বিশেষ সংজ্ঞাৰ প্ৰয়োজন নাই | **ঢোলৰ গুমগুমনি শুনিলেই মুহূৰ্ততে যাৰ দেহ মন প্ৰাণৰ জঠৰতা ভাঙে, তেঁৱেই অসমীয়া ; সেয়া লাগিলে বিহুৰ পৰিৱেশ হওঁক বা নহওঁক | বিহু, বৰগীতেই হওঁক কিম্বা ঐনিতম, বাগৰুম্বায়েই হওঁক অথবা জিকিৰ, সকলোতে সমানে আত্মাহাৰা হোৱাজনেই অসমীয়া | **জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে শংকৰ আজান দুয়োজনাৰে গুণানুকীৰ্তন কৰা জন অসমীয়া | যিজনে শংকৰদেৱ আৰু আজান পীৰৰ সৃষ্টিৰাজিক গৌৰৱমন্দিতকৈ আৰু তেওঁলোকৰ ওপৰত ৰজা-ঘৰীয়াই কৰা অন্যায়ৰ কাহিনী ব্যথা লগাকৈ দাঙি ধৰিব পাৰে, তেওঁক হিন্দু বা মুছলমান নহয়, অসমীয়া বুলি কোৱা | ** দবা - শংখ ৰ ধ্বনিত দহ বাৰ ভগৱানক স্মৰণ কৰিও নামাজৰ শব্দ শুনি যিজন মৌন হৈ ৰয় তেওঁ অসমীয়া | ** লাচিতৰ মোমাই কটা কাহিনী কৈ গৌৰৱ কৰা জন অসমীয়া | জয়মতী , মূলাগাভৰু, কনকলতাৰ সাহস তথা ত্যাগৰ কাহিনী কৈ গৌৰৱ কৰা জনৰ পৰিচয়ো অসমীয়া | ** হাজাৰ চেষ্টা কৰিও যিসকলৰ মাজত, জাতি ধৰ্মৰ বিভাজন আনিব নোৱাৰি, তেওঁলোক অসমীয়া |জাতি - মাটি - ভেটি তথা ভাষাৰ সংকটৰ সময়ত একেলগে মাৰ বান্ধি থিয় দিয়া সকল অসমীয়া

People who shared love close

More like this

Trending Topic