Chiranjib Shankar

Chiranjib Shankar Lives in Guwahati, Assam, India

  • Latest
  • Popular
  • Video

মই লিখা এটা গীতৰ কিছু অংশ...

42 View

Never pretend to a love which you do not actually feel, for love is not ours to command. : collecded from facebook ©Chiranjib Shankar

#thought #alone  Never pretend to a love which you do not actually feel, for love is not ours to command. 


 : collecded from facebook

©Chiranjib Shankar

#alone

11 Love

ফাগুনী অনুভৱ - ২০১৯ :চিৰঞ্জীৱ শঙ্কৰ (ছমৰীয়া সত্ৰ) অনুভৱী ফাগুনৰ প্ৰতিটো বাটত সৰি পৰা শুকান পাতত আছে লিখা সোঁৱৰণীৰ কবিতা সেই কবিতাৰ ছন্দত পলাশ ৰঙী সপোন সিঁচি ঢুলীয়াৰ ঢোলৰ চেৱে চেৱে নাচনিৰ মন উলাহতে নাচে হয়তো সেইবাবেই নিজানত মৌনতাৰ আৱৰণ ফালি ৰিণিকি - ৰিণিকি বাজি উঠে হেঁপাহৰ মধুৰ বাঁহী সেই বাঁহীৰ অচিনা সুৰৰ মায়াত স্নিগ্ধ জোনাকী ৰথেৰে বাউলি হৈ উৰি আহে এজাক পচোঁৱা মৰমী ফাগুনী পচোঁৱা তাৰেই শীতল স্পৰ্শত আৱেগতে চঞ্চল হৈ পৰোঁ মই আৰু মোৰ আত্মা ক্ৰমশঃ দিন - ৰাতিৰ মোহনাত সপোন দিঠক একাকাৰ কৰি নিজকে লিৰিকি - বিদাৰি অনুভৱ কৰোঁ অতীতত হেৰাই যোৱা মধুৰ জীৱনৰ মাদকতা । ©Chiranjib Shankar

 ফাগুনী অনুভৱ - ২০১৯ 
             :চিৰঞ্জীৱ শঙ্কৰ (ছমৰীয়া সত্ৰ) 
অনুভৱী ফাগুনৰ 
প্ৰতিটো বাটত 
সৰি পৰা 
শুকান পাতত 
আছে লিখা 
সোঁৱৰণীৰ কবিতা 
সেই কবিতাৰ ছন্দত 
পলাশ ৰঙী সপোন সিঁচি 
ঢুলীয়াৰ 
ঢোলৰ চেৱে চেৱে 
নাচনিৰ মন উলাহতে নাচে 
হয়তো সেইবাবেই 
নিজানত 
মৌনতাৰ আৱৰণ ফালি 
ৰিণিকি - ৰিণিকি বাজি উঠে 
হেঁপাহৰ মধুৰ বাঁহী 
সেই বাঁহীৰ 
অচিনা সুৰৰ মায়াত 
স্নিগ্ধ জোনাকী ৰথেৰে 
বাউলি হৈ উৰি আহে 
এজাক পচোঁৱা 
মৰমী ফাগুনী পচোঁৱা 
তাৰেই শীতল স্পৰ্শত 
আৱেগতে 
চঞ্চল হৈ পৰোঁ মই 
আৰু 
মোৰ আত্মা 
ক্ৰমশঃ 
দিন - ৰাতিৰ মোহনাত 
সপোন 
দিঠক একাকাৰ কৰি 
নিজকে 
লিৰিকি - বিদাৰি অনুভৱ কৰোঁ 
অতীতত 
হেৰাই যোৱা 
মধুৰ জীৱনৰ মাদকতা ।

©Chiranjib Shankar

ফাগুনী অনুভৱ - 2019 #poem #Poet #Poetry #Assamese #AssamesePoem #assamesepoetry #Assam #leaf

13 Love

আৰাধনা :চিৰঞ্জীৱ শঙ্কৰ (ছমৰীয়া সত্ৰ) (১৪/০২/২০০৯) আজি তুমি নাই বাবেই আকাশত জোনাকো নাই মাথোঁ সাৰে আছোঁ মই আৰু সাৰে আছে দুচকুৰ সন্মুখত তমসা নিশাৰ বিষাদ স্মৃতি আলোড়ণ আৰাধনা- তোমাক বিদায় দিয়াৰে পৰা দিনবোৰ দেখোন নাযায় ৰাতিবোৰোঁ নুপুৱাই ক্ৰমশঃ বিষণ্ণতাৰ বাটেৰে নামি আহে বিষাদ কলিজাৰ গভীৰতাত উমি উমি জ্বলি উঠে তাৰেই বিষাক্ত প্ৰকাশ হয়তো সেইবাবেই মৌনতাৰে ভৰি পৰে মন আসক্ত হৈ পৰোঁ মই মোৰ জীৱন তথাপিওঁ আছোঁ জীয়াই চকুলোঁৰে মালা গাঁঠি তোমাৰ স্মৃতিবোৰ ৰাখিছোঁ সজাই হয়তো তুমি উভতি আহিবা বুলিয়েই সমাধিৰ সমীপতে গজি উঠা আঁহত জোপাৰ তলত বহি ৰৈ থাকো সদায় কেৱল তোমাকে ধিয়াই...

 আৰাধনা 
       :চিৰঞ্জীৱ শঙ্কৰ (ছমৰীয়া সত্ৰ) 
                  (১৪/০২/২০০৯)
আজি তুমি নাই বাবেই 
আকাশত 
জোনাকো নাই 
মাথোঁ 
সাৰে আছোঁ মই 
আৰু 
সাৰে আছে 
দুচকুৰ সন্মুখত
তমসা নিশাৰ 
বিষাদ স্মৃতি আলোড়ণ 

আৰাধনা- 
তোমাক বিদায় দিয়াৰে পৰা 
দিনবোৰ দেখোন নাযায় 
ৰাতিবোৰোঁ নুপুৱাই

ক্ৰমশঃ 
বিষণ্ণতাৰ বাটেৰে 
নামি আহে বিষাদ 
কলিজাৰ গভীৰতাত 
উমি উমি জ্বলি উঠে
তাৰেই বিষাক্ত প্ৰকাশ 

হয়তো সেইবাবেই 
মৌনতাৰে ভৰি পৰে মন
আসক্ত হৈ পৰোঁ মই 
মোৰ জীৱন 

তথাপিওঁ 
আছোঁ জীয়াই 
চকুলোঁৰে মালা গাঁঠি 
তোমাৰ 
স্মৃতিবোৰ ৰাখিছোঁ সজাই

হয়তো 
তুমি উভতি আহিবা বুলিয়েই 
সমাধিৰ 
সমীপতে গজি উঠা 
আঁহত জোপাৰ তলত বহি 
ৰৈ থাকো সদায় 
কেৱল তোমাকে ধিয়াই...

আৰাধনা #newplace #কবিতা #অসমীয়া_কবিতা #Assamese #AssamesePoem #poem #assamesepoetry #Poet #Poetry

9 Love

প্ৰীতি সমিধান : চিৰঞ্জীৱ শঙ্কৰ ( ০৭/০৯/২০০৭ ) কুমাৰী প্ৰকৃতিৰ সেউজ সান্নিধ্যত প্ৰভাতী পখীৰ মধুৰ গুঞ্জন যৌৱনা দেহৰ প্ৰতিটো অবাক ৰাগিণীত প্ৰতিটো গীতি-কবিতাৰ অনুৰণিত সুৰ-ছন্দত অনুৰাগী জোনাকী শিহৰণ সপোন ৰাণীৰ মৃদু আলিঙ্গণ । ৰ'দালিৰ পৰশ লাগি ৰূপৱতী কোনোবা মিচিং ৰমণীৰ অৰ্ধনগ্ন সেন্দুৰীয়া দেহত মণি-মুকুতা হৈ জিলিকি থকা সুগন্ধি ঘামৰ প্ৰতিটো টোপালত, মেথনি ফালি ওলাই আহিব খোজা যৌৱন উদ্বেলিত বিশাল বুকুৰ গভীৰতাত মদিৰাত বিলীন উজ্জ্বল কাতৰ দুচকুৰ মাদকতাত কেতিয়াও নিজকে হেৰুৱাব খোজা নাই বলিয়া ফাগুনৰ বাঁ লাগি ৰূপৱতী কোনোবা ৰচকী নাৰীৰ চঞ্চল হৈ উঠা মুগা বৰণীয়া চুলিত আলসুৱা দুটি ওঁঠৰ প্ৰষ্ফুটিত মাধুৰী হাঁহিত অহা যোৱা বাটত নিতে পানী অনা ঘাটত লাজুকী দুভৰিৰ অভিমানী প্ৰতিটো খোজত কেতিয়াও নিজকে হেৰুৱাব খোজা নাই ওখোৰা-মোখোৰা জোনাক বিহীন জীৱন বাটত ভাগৰত জুৰুলা হৃদয়ক খন্তেক জিৰণি দিবলে' মাথোঁ বিচাৰিছোঁ এডোখৰ ঠাই কাৰোবাৰ হিয়াৰ নিভৃত কোনোবা এটি কোনত আৰু বিচাৰিছোঁ কাৰোবাৰ এষাৰি ৰসাল মাঁতত মোৰ মৰম,স্নেহ, ভালপোৱাৰ প্ৰীতি সমিধান ।

 প্ৰীতি সমিধান 
          : চিৰঞ্জীৱ শঙ্কৰ 
         ( ০৭/০৯/২০০৭ )
কুমাৰী প্ৰকৃতিৰ সেউজ সান্নিধ্যত 
প্ৰভাতী পখীৰ মধুৰ গুঞ্জন 
যৌৱনা দেহৰ 
প্ৰতিটো অবাক ৰাগিণীত 
প্ৰতিটো গীতি-কবিতাৰ 
অনুৰণিত সুৰ-ছন্দত 
অনুৰাগী জোনাকী শিহৰণ 
সপোন ৰাণীৰ মৃদু আলিঙ্গণ । 

ৰ'দালিৰ পৰশ লাগি 
ৰূপৱতী 
কোনোবা মিচিং ৰমণীৰ 
অৰ্ধনগ্ন সেন্দুৰীয়া দেহত 
মণি-মুকুতা হৈ জিলিকি থকা 
সুগন্ধি ঘামৰ 
প্ৰতিটো টোপালত, 
মেথনি ফালি ওলাই আহিব খোজা 
যৌৱন উদ্বেলিত 
বিশাল বুকুৰ গভীৰতাত 
মদিৰাত বিলীন 
উজ্জ্বল কাতৰ দুচকুৰ মাদকতাত 
কেতিয়াও 
নিজকে হেৰুৱাব খোজা নাই 

বলিয়া ফাগুনৰ বাঁ লাগি 
ৰূপৱতী 
কোনোবা ৰচকী নাৰীৰ 
চঞ্চল হৈ উঠা 
মুগা বৰণীয়া চুলিত 
আলসুৱা দুটি ওঁঠৰ 
প্ৰষ্ফুটিত মাধুৰী হাঁহিত 
অহা যোৱা বাটত 
নিতে পানী অনা ঘাটত 
লাজুকী দুভৰিৰ 
অভিমানী প্ৰতিটো খোজত 
কেতিয়াও 
নিজকে হেৰুৱাব খোজা নাই 

ওখোৰা-মোখোৰা 
জোনাক বিহীন জীৱন বাটত 
ভাগৰত জুৰুলা হৃদয়ক 
খন্তেক জিৰণি দিবলে' 
মাথোঁ বিচাৰিছোঁ এডোখৰ ঠাই 
কাৰোবাৰ হিয়াৰ 
নিভৃত কোনোবা এটি কোনত 
আৰু বিচাৰিছোঁ 
কাৰোবাৰ এষাৰি ৰসাল মাঁতত 
মোৰ মৰম,স্নেহ, ভালপোৱাৰ 
প্ৰীতি সমিধান ।

প্ৰীতি সমিধান #newplace #AssamesePoem #Assamese #poem #Poet #Poetry #assamesepoetry

10 Love

আছোহি অকলে ৰৈ নিজানত ☞চিৰঞ্জীৱ শঙ্কৰ (ছমৰীয়া সত্ৰ) (০৭/০২/০৯) মৰম বিচাৰি কাঁইটকে সাৱটিছোঁ আৱেগতে কলিজাত উতলা তেজৰ চিয়াঁহীৰে হেপাঁহৰ ছবিও আঁকিছো দুচকুত জোন, তৰা, বেলিৰ স্তিমিত পোহৰ সানি আকাশৰ নীলাবোৰত আঙুলি বুলাই তোমাক বিচাৰিছোঁ ক'ত আছা তুমি মোৰ স'তে লুকা-ভাকু খেলি ক'লা মেঘৰ বুকুখন ফালি জোনাকী বাটেৰে আহানা নামি ডেউকা কোবাই উৰি উৰি... তুমি আহিবা বুলিয়েই অহাৰ বাটত বকুল জুপিয়েওঁ সজাই শুভ্র ফুলৰ কৰণি তুমি আহিবা বুলিয়েই দুৱৰি দলিচাত শৰতেওঁ সিঁচি দিয়ে নিয়ৰৰ মুকুতা-মণি হয়তো সেইবাবেই তুমি অহাৰ বাটত নৈ:শব্দৰ দুৱাৰ খুলি দুহাত মেলি আছোহি অকলে ৰৈ নিজানত...

 আছোহি অকলে ৰৈ নিজানত
             ☞চিৰঞ্জীৱ শঙ্কৰ (ছমৰীয়া সত্ৰ)
                               (০৭/০২/০৯)
মৰম বিচাৰি কাঁইটকে সাৱটিছোঁ
আৱেগতে কলিজাত
উতলা তেজৰ চিয়াঁহীৰে
হেপাঁহৰ ছবিও আঁকিছো
দুচকুত
জোন, তৰা, বেলিৰ
স্তিমিত পোহৰ সানি
আকাশৰ নীলাবোৰত
আঙুলি বুলাই
তোমাক বিচাৰিছোঁ
ক'ত আছা তুমি
মোৰ স'তে
লুকা-ভাকু খেলি
ক'লা মেঘৰ বুকুখন ফালি
জোনাকী বাটেৰে আহানা নামি
ডেউকা কোবাই উৰি উৰি...

তুমি আহিবা বুলিয়েই
অহাৰ বাটত
বকুল জুপিয়েওঁ
সজাই
শুভ্র ফুলৰ কৰণি
তুমি আহিবা বুলিয়েই
দুৱৰি দলিচাত
শৰতেওঁ সিঁচি দিয়ে
নিয়ৰৰ মুকুতা-মণি

হয়তো সেইবাবেই
তুমি অহাৰ বাটত
নৈ:শব্দৰ দুৱাৰ খুলি
দুহাত মেলি
আছোহি অকলে ৰৈ নিজানত...

#DryTree #poem #Poet #poetry_voiceofsoul #Assamese #AssamesePoem #assamese_poem

10 Love

Trending Topic