Nibir Nibir

Nibir Nibir Lives in Guwahati, Assam, India

অন্যতকৈ সাধাৰণ

  • Latest
  • Popular
  • Video
 কবি নিবিৰ
আবৃত্তি বৰষা

কবি নিবিৰ আবৃত্তি বৰষা

126 View

°~~~তুমি হীনতাত আজি ম‌ই অসুস্থ~~~° ~••~~~••~~~••~~~••~~~••~~~••~~~••~~~ তুমি অনুভৱ কৰিব পাৰিবা জানো কেতিয়াবা অনুভৱ কৰি পাইছা নে ? সমন্ধ গঢ়াৰ সময়ৰ কষ্ট আৰু সমন্ধ ভঙাৰ অব্যক্ত বেদনা.. তুমি জানা জানো ? হৃদয় ভাগিলে কিদৰে সৰি সৰি পৰে সপোনৰ পাহি বোৰ . . তোমাক পোৱাৰ আশাত কিদৰে আঁতৰি যাই আপোন বোৰ ! যেতিয়া হৃদয় ভাঙে বিষাদে ছানি ধৰে বুকু খনত যিদৰে পূর্ণিমা জোনটিৰ মুখত কলীয়া ডাৱৰে অভিমানৰ বোল সানে.. তুমি কি বুজিবা আনৰ অন্তৰত গলি শেষ হোৱাৰ মমৰ তপ্ততা কিমান ? তুমি টো প্ৰতিদিনেই সলনি কৰা তোমাৰ প্ৰেমাষ্পদ... মোৰ সিদ্ধান্তৰ ভুলৰ বাবেই তুমি হীনতাত আজিও ম‌ই অসুস্থ ।। ✒️নিবিৰ ৰাজবংশী ~পাঞ্জাবাৰী গুৱাহাটী~ - ২৯/০৫/২০২০ -

 °~~~তুমি হীনতাত আজি ম‌ই অসুস্থ~~~°
   ~••~~~••~~~••~~~••~~~••~~~••~~~••~~~
তুমি অনুভৱ কৰিব পাৰিবা জানো
কেতিয়াবা অনুভৱ কৰি পাইছা নে ?
সমন্ধ গঢ়াৰ সময়ৰ কষ্ট আৰু সমন্ধ 
ভঙাৰ অব্যক্ত বেদনা..
তুমি জানা জানো ?
হৃদয় ভাগিলে কিদৰে সৰি সৰি পৰে
সপোনৰ পাহি বোৰ . .
তোমাক পোৱাৰ আশাত
কিদৰে আঁতৰি যাই 
আপোন বোৰ !
যেতিয়া হৃদয় ভাঙে
বিষাদে ছানি ধৰে বুকু খনত
যিদৰে পূর্ণিমা জোনটিৰ
মুখত কলীয়া ডাৱৰে অভিমানৰ বোল সানে..
তুমি কি বুজিবা 
আনৰ অন্তৰত গলি শেষ হোৱাৰ মমৰ
তপ্ততা  কিমান ?
তুমি টো প্ৰতিদিনেই সলনি কৰা তোমাৰ প্ৰেমাষ্পদ... 
মোৰ সিদ্ধান্তৰ ভুলৰ বাবেই
তুমি হীনতাত আজিও ম‌ই অসুস্থ ।।
   
         ✒️নিবিৰ ৰাজবংশী
          ~পাঞ্জাবাৰী গুৱাহাটী~
              - ২৯/০৫/২০২০ -

kripanjali

14 Love

...••মৰমৰ চায়ানিকা জনিৰ জন্মদিন••... ••• মৰমৰ চায়ানিকা জনীৰ জন্মদিন... শুভকামনা বেলেগকৈ আৰু নিদিওঁ দিয়া দিব বিচৰা নাই অন্যৰ দৰে দিনটোৰ প্ৰথম টো ছেকেণ্ডত মই প্ৰতিযোগিতাৰ প্ৰমাণ দিব খোজা নাই তোমাৰ ওচৰত.... স্তুতি কৰি মনৰ পৰা বিচাৰিম তুমি যেন জীৱনত সকলোবোৰ সুখ পোৱা তুমি জানানে ? তোমাৰ যে এই ঘপকেৈ আপোন কৰি ল'ব পৰা গুনটোৱে মোক খুব ভয় লগাই কেতিয়াবা ভাগি পৰা বুলি চিন্তা হয় মোৰ ! তথাপিটো তুমি আগুৱাই যোৱা, সুখী হোৱা..... জন্মদিনৰ বহু বহু শুভকামনাৰে… জন্মদিনৰ অলেখ শুভচ্ছা থাকিল... সদায়ৰ দৰে আজিও কও   তুমি সকলো সময়তে দুখ কষ্টবোৰ নেওচি সুখৰ জীৱনটো উপভোগ কৰা । সদাই জানি থোৱা তুমি "দুখ কষ্টৰ মাজেৰে অতিবাহিত কৰা সংগ্ৰামেই হল সুখৰ জীৱন" আজি সেই বাবে চাগে তুমি অন্যতকৈ দহ গুণে সুখী চায়ানিকা ।। ✍️নিবিৰ ৰাজবংশী পাঞ্জাবাৰী গুৱাহাটী ২৮/০৫/২০২০

#a  ...••মৰমৰ চায়ানিকা জনিৰ জন্মদিন••...
•••
মৰমৰ চায়ানিকা জনীৰ জন্মদিন...
শুভকামনা বেলেগকৈ আৰু নিদিওঁ দিয়া 
দিব বিচৰা নাই অন্যৰ দৰে 
দিনটোৰ প্ৰথম টো ছেকেণ্ডত
মই প্ৰতিযোগিতাৰ প্ৰমাণ দিব খোজা নাই
তোমাৰ ওচৰত....
স্তুতি কৰি মনৰ পৰা বিচাৰিম তুমি যেন 
জীৱনত সকলোবোৰ সুখ পোৱা 
তুমি জানানে ? 
তোমাৰ যে এই ঘপকেৈ 
আপোন কৰি ল'ব পৰা 
গুনটোৱে মোক খুব ভয় লগাই  
কেতিয়াবা ভাগি পৰা বুলি 
চিন্তা হয় মোৰ ! তথাপিটো
তুমি আগুৱাই যোৱা, সুখী হোৱা.....
জন্মদিনৰ বহু বহু শুভকামনাৰে…
জন্মদিনৰ অলেখ শুভচ্ছা থাকিল...
সদায়ৰ দৰে আজিও কও   
তুমি সকলো সময়তে দুখ কষ্টবোৰ নেওচি
সুখৰ জীৱনটো উপভোগ কৰা ।
সদাই জানি থোৱা তুমি
"দুখ কষ্টৰ মাজেৰে অতিবাহিত কৰা 
সংগ্ৰামেই হল সুখৰ জীৱন"
আজি সেই বাবে চাগে তুমি অন্যতকৈ 
দহ গুণে সুখী চায়ানিকা ।।
          
          ✍️নিবিৰ ৰাজবংশী
             পাঞ্জাবাৰী গুৱাহাটী
               ২৮/০৫/২০২০

chayanika brthdy #a

13 Love

•- তাই বেইশ্যা-• ~•=••=•=••=•=••=•=••=~ তাইয়ো এগৰাকী নাৰী তাইৰো এখন বহল হৃদয় আছে বুজি তাইও পাই জীৱন, মৰম, ভালপোৱাৰ সংজ্ঞা... তাইৰ মনেও স্পৰ্শ কৰিব বিচাৰে পৱিত্ৰতাৰ আকাশখন । আজি তাই সকলো জানিও নজনাৰ দৰে প্ৰতিটো খোজত আজি তাই অনুতপ্ত । পৰস্থিতিৰ বাধ্যৰ বান্ধত তাই অসহায়ত নিজকে সমৰ্পিত কৰে যৌনতাৰ ভোকাতুৰ বোৰৰ ওচৰত.. সন্ধ্যা হলেই প্ৰতিদিনাই নামি আহে তাইৰ বাবে ঘোৰ অমানিশা সুগন্ধিত তাইৰ দেহত আন্ধাৰ হলেই ন ন গ্ৰাহকৰ দামা - দামী তাৰ পিছতেই আৰম্ভ হয় প্ৰতিটো পলে যৌন সংগ্ৰাম । ইমানকৈ তাইক শোষণ কৰাৰ পিছতো মুঠেও সিহঁতৰ নকমে যৌনতাৰ ভোক তথাপিও তাই নীৰৱে নিমাত হৈ ৰয় । প্ৰতিদিনাই বিবস্ত্ৰ হ‌ই তাই এমুঠি খোৱাৰ তাৰনাত... সহস্ৰজন ভোকাতুৰৰ সম্ভোগৰ ক্ষুধা নিবাৰণ হয় তাইৰ অনম্বৰ শৰীৰত শত সহস্ৰৰ সম্ভোগৰ ক্ষুধা নুমুৱাই হৈছে তাইৰ পেটপুজাৰ অন্যতম পথ.. সেয়ে এতিয়া আজিৰ সমাজত তাই এজনী চৰিত্ৰহীনা বেইশ্যা এয়াই তাইৰ জীৱন যুদ্ধ এযাই তাইৰ জীৱন গাথা ।। ✍️নিবিৰ ৰাজবংশী (পাঞ্জাবাৰী বতাহঘূলি) (২৩/০৫/২০২০)

#Assam  •- তাই বেইশ্যা-•
    ~•=••=•=••=•=••=•=••=~
তাইয়ো এগৰাকী নাৰী
তাইৰো এখন বহল হৃদয় আছে
বুজি তাইও পাই 
জীৱন, মৰম, ভালপোৱাৰ সংজ্ঞা...
তাইৰ মনেও স্পৰ্শ কৰিব বিচাৰে 
পৱিত্ৰতাৰ আকাশখন ।
আজি তাই সকলো জানিও
নজনাৰ দৰে প্ৰতিটো খোজত 
আজি তাই অনুতপ্ত ।
পৰস্থিতিৰ বাধ্যৰ বান্ধত তাই
অসহায়ত নিজকে সমৰ্পিত কৰে
যৌনতাৰ ভোকাতুৰ বোৰৰ ওচৰত..
সন্ধ্যা হলেই প্ৰতিদিনাই নামি আহে
তাইৰ বাবে ঘোৰ অমানিশা
সুগন্ধিত তাইৰ দেহত
আন্ধাৰ হলেই ন ন গ্ৰাহকৰ দামা - দামী
তাৰ পিছতেই আৰম্ভ হয় প্ৰতিটো পলে
যৌন সংগ্ৰাম ।
ইমানকৈ তাইক শোষণ কৰাৰ পিছতো 
মুঠেও সিহঁতৰ নকমে যৌনতাৰ ভোক
তথাপিও তাই নীৰৱে নিমাত হৈ ৰয় ।
প্ৰতিদিনাই বিবস্ত্ৰ হ‌ই তাই
এমুঠি খোৱাৰ তাৰনাত...
সহস্ৰজন ভোকাতুৰৰ সম্ভোগৰ ক্ষুধা
নিবাৰণ হয় তাইৰ অনম্বৰ শৰীৰত
শত সহস্ৰৰ সম্ভোগৰ ক্ষুধা নুমুৱাই হৈছে
তাইৰ পেটপুজাৰ অন্যতম পথ..
সেয়ে এতিয়া আজিৰ সমাজত তাই
এজনী চৰিত্ৰহীনা বেইশ্যা
এয়াই তাইৰ জীৱন যুদ্ধ 
এযাই তাইৰ জীৱন গাথা ।।
            
          ✍️নিবিৰ ৰাজবংশী
          (পাঞ্জাবাৰী বতাহঘূলি) 
               (২৩/০৫/২০২০)

#Assam

13 Love

সাঁথৰ সাঁথৰ হৈ যোৱা মোৰ জীৱনটোত মই একোৱেই নুবুজিলোঁ সুখী সুখী হৈ থকা মোৰ প্ৰতিটো পল যে দুখৰ আছিল মই একোৱেই উম্ পোৱা নাছিলো সপোনবোৰো ধুমুহাৰ লগতেই উৰি গুচি গল আশাবোৰো যেন কলিতেই মৰহি সৰি সৰি গল হৃদয় ভগাৰ সপোনৰ পাহিবোৰ.. মোৰ আপোনবোৰো বিলীন হল দুৰ দিগন্তত পূৰ্ণিমা জোনটিৰ মুখত কলীয়া ডাৱৰে অভিমান পতাৰ দৰে মোৰ বুকুত বিষাদেৰে ছানি ধৰিছেহি জ্বলি থকা চাকি গছি বুকুতেই নুমালে তুমি নাই বাবেই এতিয়া জীপাল হৈ থকা হৃদয়খনিও মৰুভূমি হৈ ৰল মাথোঁ তুমি কি বুজিবা সাঁথৰ হৈ যোৱা মোৰ জীৱনগাথা ।। ✍️পৰিণীতা বৰা

#footsteps  সাঁথৰ সাঁথৰ হৈ যোৱা মোৰ জীৱনটোত
মই একোৱেই নুবুজিলোঁ
সুখী সুখী হৈ থকা মোৰ 
প্ৰতিটো পল যে
দুখৰ আছিল মই একোৱেই উম্ পোৱা নাছিলো
সপোনবোৰো ধুমুহাৰ লগতেই উৰি গুচি গল
আশাবোৰো যেন কলিতেই মৰহি 
সৰি সৰি গল হৃদয় ভগাৰ সপোনৰ পাহিবোৰ..
মোৰ আপোনবোৰো বিলীন হল দুৰ দিগন্তত
পূৰ্ণিমা জোনটিৰ মুখত কলীয়া ডাৱৰে অভিমান পতাৰ দৰে
মোৰ বুকুত বিষাদেৰে ছানি ধৰিছেহি
জ্বলি থকা চাকি গছি বুকুতেই নুমালে 
তুমি নাই বাবেই এতিয়া
জীপাল হৈ থকা হৃদয়খনিও 
মৰুভূমি হৈ ৰল মাথোঁ
তুমি কি বুজিবা সাঁথৰ হৈ যোৱা 
মোৰ জীৱনগাথা ।।

                               ✍️পৰিণীতা বৰা

#footsteps

9 Love

তুমি বিহীন মোৰ এই জীৱন আধা লিখা স্তৱক তুমি বিহীন বিতুষ্ট সপোনবোৰ লৈ কিদৰে জীয়াই আছোঁ মোক এবাৰ চাই যোৱাহি তুমি মোৰ বুকুত সিছি থৈ যোৱা সেই সেউজীয়া সপোনবোৰৰ মাজতে আজিও মই নিজকে জীয়াই ৰখাৰ যুদ্ধকালীন প্ৰচেষ্টা এতিয়াও অন্ত পৰা নাই । কেতিয়াবা ভাগৰি পৰো নিজকেই যেন হেৰাই পেলাও নিজৰ মাজতে এতিয়ানো অতীতৰ সোঁৱৰণী বোৰ সোঁৱৰাই কি লাভ কি দৰকাৰ মোৰ বুকু খন ‌ গধূৰ কৰাৰ তথাপিও সেই সোঁৱৰণী বোৰেই যেন আজি মোক মনটোত জীয়াই থকাৰ আশ্বাস দিয়ে ।। ✍️নিবিৰ

#eidmubarak  তুমি বিহীন মোৰ এই জীৱন
আধা লিখা স্তৱক 
তুমি বিহীন বিতুষ্ট সপোনবোৰ লৈ
কিদৰে জীয়াই আছোঁ 
মোক এবাৰ চাই যোৱাহি
তুমি মোৰ বুকুত সিছি থৈ যোৱা 
সেই সেউজীয়া সপোনবোৰৰ মাজতে
 আজিও মই নিজকে জীয়াই ৰখাৰ যুদ্ধকালীন প্ৰচেষ্টা 
এতিয়াও অন্ত পৰা নাই ।
কেতিয়াবা ভাগৰি পৰো
নিজকেই যেন হেৰাই পেলাও নিজৰ মাজতে
এতিয়ানো অতীতৰ সোঁৱৰণী বোৰ সোঁৱৰাই  কি লাভ
কি দৰকাৰ মোৰ বুকু খন ‌ গধূৰ কৰাৰ
তথাপিও সেই সোঁৱৰণী বোৰেই  যেন 
আজি মোক মনটোত জীয়াই থকাৰ আশ্বাস দিয়ে ।।
   
                             ✍️নিবিৰ
Trending Topic