Laxman Kumar

Laxman Kumar

  • Latest
  • Popular
  • Video

সময়ৰ বোকোচাত উঠি কোন আহে কোন গুচি যায় সোঁৱৰণিৰ বাটত মাথোঁ ৰৈ যায় নিভাঁজ স্মৃতি!! ( -লক্ষ্মণ কুমাৰ)

#Memories #Thinking #Quote  সময়ৰ বোকোচাত উঠি
কোন আহে 
কোন গুচি যায়
সোঁৱৰণিৰ বাটত মাথোঁ ৰৈ যায়
নিভাঁজ স্মৃতি!!
  
               ( -লক্ষ্মণ কুমাৰ)

kothabur....

57 View

সৌ পাহাৰটো দেখিছা..... সকলো পাহৰি হেৰাই যাবলৈ মন গৈছে সেউজীয়াৰ বুকুত !! এই যেন হেৰাই যাম বুকুত এখন পাহাৰ লৈ দুয়ো দুয়োতে বিলীন হৈ.....

#poem  সৌ পাহাৰটো দেখিছা.....
সকলো পাহৰি
হেৰাই যাবলৈ মন গৈছে 
সেউজীয়াৰ বুকুত !!

এই যেন হেৰাই যাম
বুকুত এখন পাহাৰ লৈ
দুয়ো দুয়োতে বিলীন হৈ.....

#poem

7 Love

Some People feel the rain Others just get wet. --- Bob Marley. বৰষুণ...বৰষুণ.... হেঁপাহৰ বৰষুণ..... যি আকাশত বিজুলী চমকে সেই আকাশেদিয়ে জিৰজিৰকৈ নামি আহে বৰষুণৰ টোপাল বৰষুণ মোৰ প্ৰিয় শব্দ বৰষুণ মোৰ প্ৰিয় গান বৰষুণ মোৰ প্ৰিয় উৎসৱ বৰষুণ মোৰ নিসংগতাক শুৱনি কৰা শুৱনি নাৰী! বুকুৱে বুকুৱে বাজি উঠক বৰষুণৰ সুমধুৰ গান গুণগুণ...গুণগুণ..........!! @লক্ষ্মণ কুমাৰ

#rain  Some People feel the rain 
Others just get wet.
                          --- Bob Marley.
 
বৰষুণ...বৰষুণ....
হেঁপাহৰ বৰষুণ.....

যি আকাশত বিজুলী চমকে
সেই আকাশেদিয়ে জিৰজিৰকৈ নামি আহে
বৰষুণৰ টোপাল

বৰষুণ মোৰ প্ৰিয় শব্দ
বৰষুণ মোৰ প্ৰিয় গান
বৰষুণ মোৰ প্ৰিয় উৎসৱ
বৰষুণ মোৰ নিসংগতাক শুৱনি কৰা শুৱনি নাৰী!

বুকুৱে বুকুৱে বাজি উঠক
বৰষুণৰ সুমধুৰ গান
গুণগুণ...গুণগুণ..........!!

                                                                               @লক্ষ্মণ কুমাৰ

#rain

7 Love

দুচকুত সপোন ওঁঠত গান বুকুত সেউজীয়াৰ বান জী আছোঁ এনেকৈয়ে অকলশৰে......

 দুচকুত সপোন
ওঁঠত গান
বুকুত সেউজীয়াৰ বান

 জী আছোঁ এনেকৈয়ে
অকলশৰে......

জী আছোঁ......

4 Love

ক'ত পাবা সেই মনালিছা হাঁহি ক'ত পাবা সেই মনালিছা হাঁহি জীৱন নৈয়েদি উজাই গ'লেই দেখিবা কেঁকুৰিয়ে কেঁকুৰিয়ে কিমান মৰাসুঁতি কিমান ঢৌৱে কঁপাই তোল এখন শান্ত শীতল বুকু! সময়ৰ আঁচল ধৰি ঘাটে ঘাটে চকুপানীবোৰ এৰি আহিলেও মুখত সেই একেই আৰ্টিফিচেল হাঁহি ক'ত পাবা সেই মনালিছা হাঁহি দুখৰ দিনলিপি লিখি লিখিও যি ভাগৰি পৰা নাই সৰি পৰা নাই হাতৰ মুঠিৰ পৰা গোলাপৰ পাহি তেওঁৰ মুখতেই বিচাৰি পাবা সেই মনালিছা হাঁহি

#কবিতা #poem  ক'ত পাবা সেই মনালিছা হাঁহি

ক'ত পাবা সেই মনালিছা হাঁহি
জীৱন নৈয়েদি উজাই গ'লেই দেখিবা
কেঁকুৰিয়ে কেঁকুৰিয়ে কিমান মৰাসুঁতি

কিমান ঢৌৱে কঁপাই তোল
এখন শান্ত শীতল বুকু!

সময়ৰ আঁচল ধৰি
ঘাটে ঘাটে চকুপানীবোৰ এৰি আহিলেও
মুখত সেই একেই আৰ্টিফিচেল হাঁহি

ক'ত পাবা সেই মনালিছা হাঁহি

দুখৰ দিনলিপি লিখি লিখিও 
যি ভাগৰি পৰা নাই
সৰি পৰা নাই 
হাতৰ মুঠিৰ পৰা গোলাপৰ পাহি
তেওঁৰ মুখতেই বিচাৰি পাবা
সেই মনালিছা হাঁহি
Trending Topic